নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ সৰোজ হাস্পতালত ক’ভিডত আক্রান্ত ৮০ স্বাস্থ্যকর্মী

নিয়মীয়া বাৰ্তা, ১০ মে: দেশৰ ৰাজধানী মহানগৰ দিল্লীৰ হাস্পতালসমূহতো ক’ভিড সংহাৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ মহানগৰখনৰ সৰোজ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত এটা মাহৰ ভিতৰত ক’ভিড ৰোগত আক্রান্ত হৈছে হাস্পতালখনৰ ৮০গৰাকী কর্মী৷

উল্লেখনীয় যে কালি হাস্পতালখনৰ চিকিৎসক এ কে ৰাৱটৰ ক’ভিডত মৃত্যু হয়৷ ৫৮ বছৰীয়া চিকিৎসকগৰাকীয়ে ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পিছতো মহামাৰীত আক্রান্ত হৈছিল৷ হাস্পতালখনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ আৰ কে ভৰদ্বাজে সংবাদ সংস্থা এন ডি টিভিক জনোৱা অনুসৰি এতিয়াও কেইবাগৰাকীও কর্মী চিকিৎসাধীন হৈ আছে৷

স্মর্তব্য যে যোৱা মাহত হাস্পতালখনৰ তৰফৰ পৰা অক্সিজেনৰ পর্যাপ্ত যোগানৰ দাবী কৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হৈছিল৷

You might also like