নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত মৃত্যু মধ্য প্রদেশৰ বিজেপি সাংসদ চৌহানৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  মধ্য প্রদেশৰ খান্দৱা লোকসভা সমষ্টিৰ বিজেপি সাংসদ নন্দ কুমাৰ সিং চৌহানৰ দেহাৱসান ঘটিছে৷ গুৰুগ্রামৰ এখন হাস্পতালত ৬৯ বছৰীয়া সাংসদগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰা বুলি পৰিয়ালৰ সূত্রই সদৰী কৰিছে৷

স্মর্তব্য যে ৬টা কার্যকালৰ সাংসদ নন্দ কুমাৰ সিং চৌহান ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ যোৱা মাহত গুৰুগ্রামৰ মেডান্ত হাস্পতালত সংকটপূর্ণ অৱস্থাত ভর্তি কৰোৱা হৈছিল চৌহানক৷ কালি নিশা সাংসদগৰাকীৰ দেহাৱসান ঘটে৷ ১৯৭৮ চনত শ্বাহপুৰ পৌৰ পৰিষদৰ নেতা হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল চৌহানে৷ পৰৱর্তী সময়ত মধ্য প্রদেশ বিধানসভালৈ নির্বাচিত হৈছিল চৌহান৷ ১৯৮৫ৰ পৰা ১৯৯৬ চনলৈ চৌহান আছিল মধ্য প্রদেশ বিধানসভাৰ এগৰাকী বিধায়ক৷ ১৯৯৬ত প্রথমবাৰলৈ সাংসদ হিচাপে লোকসভালৈ নির্বাচিত হোৱা চৌহানে পৰৱর্তী সময়ত ছবাৰকৈ লোকসভালৈ নির্বাচিত হয়৷ বিজেপি নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মধ্য প্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে৷

You might also like