নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰিকৰী বিজুতিৰ বাবে নেপালত বিমান সেৱাত ব্যাঘাত

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী: বিমান নিয়ন্ত্রণৰ ছিষ্টেমত বিজুতি তথা কাৰিকৰী বিজুতিৰ বাবে নেপালৰ সকলো বিমানৰ উৰণ বন্ধ হৈ আছে৷ কিছুদিন পূর্বে আমেৰিকা যুক্তৰাষ্ট্রত কাৰিকৰী বিজুতিৰ বাবে কেইবা সহস্রাধিক বিমানৰ উৰণ সেৱা কেইবা ঘণ্টা ধৰি বন্ধ হৈ থকাৰ পাছত এইবাৰ নেপালত কাৰিকৰী বিজুতিৰ বাবে সকলো বিমান সেৱা বন্ধ ৰাখিবলগীয়া হৈছে৷ বিমান কর্তৃপক্ষই প্রকাশ কৰা মতে, দেশখনৰ ৰাজধানী কাঠমাণ্ডুৰ ত্রিভুবন আন্তর্জাতিক বিমানবন্দৰত ছিষ্টেমত বিজুতিৰ বাবে বিমান সেৱাত ব্যাঘাত জন্মিছে৷ বিমানবন্দৰৰ পৰা সকলো বিমানৰ উৰণ বন্ধ ৰখাৰ লগতে দেশখনৰ আন আন বিমানবন্দৰতো উৰণ বন্ধ কৰা হৈছে৷ বিমান পৰিবহণ কর্তৃপক্ষই কাৰিকৰী বিজুতি সঠিক কৰিবৰ বাবে বিশেষজ্ঞৰ দ্বাৰা প্রয়াস চলাই আছে৷

You might also like