নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌত আজি ভাৰত–কিৱিৰ দ্বিতীয় টি–২০

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী: নিউজিলেণ্ডৰ বিপক্ষে টি–২০ শৃংখলাৰ প্রথমখন মেচত পৰাজিত হোৱাৰ পিছত আজি সমতা স্থাপনৰ বাবে মৰণপণ যুঁজত অৱতীর্ণ হ’ব টীম ইণ্ডিয়া৷  ৰাঁচীত অনুষ্ঠিত মেচখনত আলহী দলটোৰ হাতত ২১ ৰানত পৰাজিত হয় ভাৰত৷  মেচখনত ভাৰতীয় বলাৰৰ বিশেষকৈ অর্শদীপ সিং আৰু উমৰান মালিকৰ দুর্বলতা স্পষ্ট হৈ পৰে৷ দ্রুতবেগী বলাৰ উমৰানে এক অভাৰত ১৬ ৰান ব্যয় কৰাৰ বিপৰীতে অন্তিম অভাৰত অর্শদীপে ২৭ ৰান দিয়ে৷ এই দুটা অভাৰৰ বাবেই ভাৰতৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হয়৷

তদুপৰি মেচখনত ভাৰতীয় বেটাৰসকলৰ দুর্বলতাও প্রকাশ পাইছে৷ ভাৰতৰ প্রথম তিনিগৰাকী শীর্ষ বেটাৰে মাত্র ১৫ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ আজিৰ মেচখনত অধিনায়ক হার্দিক পাণ্ডিয়াই পেচ বলাৰ মুকেশ কুমাৰক সুযোগ দি অর্শদীপক জিৰণি দিব পাৰে৷

ইপিনে এদিনীয়া শৃংখলাত সর্বাধিক ৰান সংগ্রহকাৰী শুভমন গীলে কালি মেচখনত মাত্র চাৰি ৰানহে সংগ্রহ কৰে৷ তদুপৰি দুগৰাকী মুখ্য বেটাৰ ঈশান কিশন আৰু দীপক হুদাৰ বেটিঙেও উদ্বিগ্ন কৰিছে দল মেনেজমেণ্টক৷ এদিনীয়া আৰু টি–২০ৰ অন্তিম ৭টা ইনিংছত ঈশানৰ বেটৰ পৰা আহিছে মাত্র ৭৪ ৰান৷ তেওঁৰ টি–২০ত অন্তিমটো অর্ধশতৰান আহিছিল দক্ষিণ আফ্রিকাৰ বিপক্ষে যোৱা বছৰৰ ১৪ জুনত৷ অৱশ্যে টি–২০ৰ শীর্ষ বেটাৰ সূর্যকুমাৰ যাদৱ ফর্মত আছে আৰু শীর্ষ ক্রমত আজি তেওঁক সতীর্থ বেটাৰৰ সহায়ৰ প্রয়োজন হ’ব৷

ইপিনে আলহী দলটোৱে আজিৰ মেচখনত জয়লাভ কৰি শৃংখলা জয়েৰে ভাৰত ভ্রমণ স্মৰণীয় কৰি ৰাখিব বিচাৰিব৷ দলটোৰ ডেভ’ন কন’ৱে আৰু ডাৰিল মিচেল সুন্দৰ ফর্মত আছে৷ এদিনীয়া শৃংখলা হেৰুওৱাৰ পিছত আজি বিজয়ী হ’ব পাৰিলেই টি–২০ শৃংখলা দখল কৰিব পাৰিব নিউজিলেণ্ডে৷

খেলৰ সময়: নিশা ৭ বজা৷

You might also like