নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুৰুক্ষেত্ৰত নিষিদ্ধ ৬৬ হাজাৰ টেবলেট সহ আটক ২ জন

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ শুকুৰবাৰে হাৰিয়ানা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চে ৬৬,২৪০ টা নিষিদ্ধ টেবলেটৰ লগতে দেশী সুৰাৰ ৪০ টাকা কাৰ্টুন জব্দ কৰে । আনহাতে এই সন্দৰ্ভত ২ জন লোকক আটক কৰে ।

ইপিনে আৰক্ষীয়ে আটক কৰা লোক দুজন ক্ৰমে কুৰুক্ষেত্ৰৰ নিবাসী কালু ৰাম আৰু ধৰমপাল বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত কালু ৰামৰ ঘৰত তালাচী চলাই ৪০ কাৰ্টুন দেশী সুৰাৰ লগতে উক্ত নিষিদ্ধ টেবলেটখিনি জব্দ কৰে ।

You might also like