নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডাষ্ট্রিয়েল ডিজাইন পাঠ্যক্রম

দীপক কুমাৰ দাস

লোভনীয় কেৰিয়াৰ গঢ়াৰ বাবে চর্চিত এক পাঠ্যক্রম ইণ্ডাষ্ট্রিয়েল ডিজাইন৷ দেশৰ অধিকাংশ শিক্ষার্থীয়ে এই পাঠ্যক্রমটোৰ বিষয়ে বিতংভাৱে জ্ঞাত নহয় যদিও এই ইণ্ডাষ্ট্রিয়েল পাঠ্যক্রম সমাপ্ত কৰি এগৰাকী শিক্ষার্থীয়ে লোভনীয় দৰমহাৰ সংস্থাপন লাভ কৰি আহিছে৷ মার্কেটিং কোম্পানীৰ পৰা চৰকাৰী প্রতিষ্ঠানলৈকে এই পাঠ্যক্রম সমাপ্ত কৰাজনে সংস্থাপনৰ সুযোগ লাভ কৰে৷ চাৰি বছৰীয়া ইণ্ডাষ্ট্রিয়েল ডিজাইনৰ পাঠ্যক্রম সমাপ্ত কৰি স্নাতক ডিগ্রী লাভ কৰাজনে এগৰাকী প্রডাক্ট ডিজাইনাৰ, ইণ্ডাষ্ট্রিয়েল ডিজাইনৰ গৱেষক, আৰ ডাইৰেক্টৰ, ডেক্স–টপ পাব্লিছাৰ আদি পদত সংস্থাপন লাভ কৰিব পাৰে৷ তদুপৰি সংবাদ মাধ্যম, জনসংযোগ, যোগাযোগ, শিক্ষা আৰু ব্যৱসায়তো সংস্থাপনৰ দুৱাৰ মুকলি হৈ থাকে৷ এই পাঠ্যক্রমত নামভর্তি কৰিবলৈ হ’লে কোনো বিশেষ প্রৱেশ পৰীক্ষাত অবতীর্ণ হ’ব নালাগে৷ দ্বাদশ শ্রেণীত নূ্যনতম ৫০ শতাংশ নম্বৰ লাভ কৰা কলা শাখাৰ শিক্ষার্থীয়ে দেশৰ যিকোনো এখন ইণ্ডাষ্ট্রিয়েল ডিজাইন থকা প্রতিষ্ঠানত নামভর্তি কৰিব পাৰে৷

অৱশ্যে লিখিত পৰীক্ষা নহ’লেও শিক্ষার্থীসকলৰ মৌখিক সাক্ষাৎকাৰৰ ভিত্তিত নামভর্তি প্রক্রিয়া চলে৷ দেশৰ কেইখনমান প্রখ্যাত শৈক্ষিক প্রতিষ্ঠানৰ ভিতৰত আহমেদাবাদৰ নেচনেল ইনষ্টিটিউট অৱ ডিজাইন, মুম্বাইৰ ছাৰ জে জে ইনষ্টিটিউট অৱ এপ্লাইড আর্ট, দিল্লী কলেজ অৱ আর্ট, সৃষ্টি স্কুল অৱ আর্ট ডিজাইন এণ্ড টেকন’লজী আদি উল্লেখযোগ্য৷ তদুপৰি মহাৰাষ্ট্র, তামিলনাডু, উত্তৰ প্রদেশ, তেলেংগানাকে ধৰি দেশৰ আটাইকেইখন ৰাজ্যতে এই পাঠ্যক্রমৰ শৈক্ষিক প্রতিষ্ঠান আছে৷ চাৰি বছৰীয়া এই পাঠ্যক্রমটো ষাণ্মাসিক পদ্ধতিৰে শিক্ষা প্রদান কৰা হয়৷ ইচ্ছুক দ্বাদশ শ্রেণী উত্তীর্ণ শিক্ষার্থীয়ে নিজৰ কেৰিয়াৰ গঢ়িবলৈ এই পাঠ্যক্রমত নামভর্তি কৰিব পাৰে৷ ৱেবছাইটত দেশৰ লগতে বিদেশৰ অনেক শৈক্ষিক প্রতিষ্ঠানত এই পাঠ্যক্রমৰ বিতং তথ্য উপলব্ধ৷ শিক্ষার্থীয়ে সুবিবেচনাৰে শৈক্ষিক প্রতিষ্ঠান বাছনি কৰি ল’ব পাৰে৷ এই কথা উনুকিয়াব লাগে যে এই পাঠ্যক্রমত নামভর্তি কৰা শিক্ষার্থীয়ে বার্ষিক নূ্যনতম ১ লাখৰ পৰা মাচুল আদায় দিব লাগিব৷ অৱশ্যে এই পাঠ্যক্রমত নামভর্তি কৰিব খোজা শিক্ষার্থীসকলৰ কলা শিল্পৰ প্রতি আগ্রহ থাকিলে ভৱিষ্যতে কেৰিয়াৰ গঢ়াত সহজ হয়৷

You might also like