নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰ প্রশাসনৰ অভিনৱ সিদ্ধান্ত: বিশ্বকাপৰ সময়ত বন্ধ থাকিব সকলো বিদ্যালয়

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ বিশ্বকাপ ফুটবলৰ সময়ত বন্ধ থাকিব কাটাৰৰ সকলো চৰকাৰী কার্যালয় আৰু বিদ্যালয়৷ দেশখনৰ চৰকাৰী কর্মচাৰীসকল কার্যালয়লৈ যাবলগীয়া নহ’ব৷ বন্ধ পাব বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলেও৷ সর্বসাধাৰণ লোকৰ যাতে কোনো সমস্যা নহয়, তাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰিছে কাটাৰ প্রশাসনে৷ অহা ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হ’ব ফুটবলৰ বিশ্ব যুদ্ধ৷ সমগ্র বিশ্বৰ প্রায় ১২ লাখ ফুটবল অনুৰাগী কাটাৰলৈ আহিব৷ এই সংখ্যা কাটাৰৰ মুঠ জনসংখ্যাৰ প্রায় অর্ধেক৷ স্বাভাৱিকভাৱেই তীব্র চাপৰ সৃষ্টি হ’ব কাটাৰৰ গণ পৰিবহণ ব্যৱস্থাৰ ওপৰত৷ বিশ্বকাপৰ সময়ত চৰকাৰী কাম স্বাভাৱিক ৰাখিবলৈ বিকল্প ব্যৱস্থা গ্রহণ কৰিছে কাটাৰ প্রশাসনে৷ এক নৱেম্বৰৰ পৰা ১৯ ডিচেম্বৰ পর্যন্ত দেশখনৰ ৮০ শতাংশ চৰকাৰী কর্মচাৰী কার্যালয়লৈ যাব নালাগে৷ অৱশ্যে তেওঁলোকে ঘৰৰ পৰাই কার্যালয়ৰ কাম কৰিব লাগিব৷ যিসকল কার্যালয়লৈ নগ’লে নহয়, কেৱল তেওঁলোকহে কার্যালয়লৈ গৈ কাম কৰিব৷ এনে কর্মচাৰীৰ সংখ্যা ২০ শতাংশতকৈ অধিক নহ’ব৷ বিশ্বকাপৰ সময়ত বন্ধ থাকিব দেশৰ সমস্ত বিদ্যালয়৷ একৰ পৰা ১৭ নৱেম্বৰ পর্যন্ত পাঠদান হ’ব দুপৰীয়া ১২ বজা পর্যন্ত৷ আনহাতে ১৮ নৱেম্বৰৰ পৰা ২২ ডিচেম্বৰ পর্যন্ত বন্ধ থাকিব সকলো বিদ্যালয়৷ সুস্থভাৱে বিশ্বকাপ আয়োজন কৰিবলৈ আৰু জনস্বার্থৰ হকে এই সিদ্ধান্ত গ্রহণ কৰা বুলি কাটাৰ চৰকাৰৰ জনসংযোগ বিভাগৰ মুখপাত্র মহম্মদ আল হাজৰিয়ে জানিবলৈ দিছে৷

You might also like