নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি দিন ধৰি সন্ধানহীন বিজেপিৰ অপসাৰিত নেত্রী নূপুৰ শর্মা

নিয়মীয়া বাৰ্তা, ১৮ জুন: হজৰত মহম্মদক লৈ বিতর্কিত মন্তব্য কৰি দলৰ পৰা বহিষ্কাৰ হোৱা প্রাক্তন বিজেপি নেত্রী নূপুৰ শর্মাৰ চাৰি দিন ধৰি শুংসূত্র নাই৷ উল্লেখনীয় যে নূপুৰ শর্মাৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যৰ থানাত ৰুজু হৈছে গোচৰ৷ ইতিমধ্যে নূপুৰ শর্মালৈ কেইবাখনো থানাৰ পৰা জাননী জাৰি কৰা হৈছে৷ মুম্বাই আৰক্ষীৰ এটা দলে যোৱা চাৰি দিন ধৰি বহিষৃকত বিজেপি নেত্রীগৰাকীক বিচাৰি আছে যদিও কোনো সন্ধান পোৱা নাই৷ দিল্লী আৰক্ষীৰ সহায়তে নূপুৰ শর্মাই আত্মগোপন কৰিবলৈ সক্ষম হোৱা বুলি মহাৰাষ্ট্রৰ গৃহমন্ত্রীয়ে অভিযোগ কৰিছে৷ মুম্বাই আৰক্ষীৰ হাতত নূপুৰ শর্মাক গ্রেপ্তাৰ কৰিব পৰাকৈ যথেষ্ট প্রামাণিক তথ্য থকা বুলি মন্ত্রীগৰাকীয়ে দাবী কৰিছে৷

You might also like