নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয়টো বানৰ কবলত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য।প্ৰাণীকুললৈ তীব্ৰ ভাবুকি

নিয়মীয়া বাৰ্তা-১৮-জুন: বিগত কেইদিন ধৰি ৰাজ্যত অব্যাহত থকা প্ৰৱল বৃষ্টিপাতৰ বাবে ফেনে-ফুটুকাৰে বাঢ়ি গৈছে বৰাক-ব্ৰহ্মপুত্ৰকে ধৰি নৈ-উপনৈ সমূহ, প্লাৱিত হৈ পৰিছে নৈপৰীয়া বিস্তৃৰ্ণ অঞ্চল সমূহ ৷ শেহতীয়াকৈ ৰূপহীহাটৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য খনলৈও প্ৰৱেশ ঘটিছে বছৰৰ দ্বিতীয়টো বাৰিষাৰ বান। অভয়াৰণ্যখনৰ ধনীয়া ৰেঞ্জ অফিচৰ এলেকাধীন বগানলাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই আহি পুৱাৰ ভাগৰ পৰা ক্ৰমশঃ প্লাৱিত কৰি পেলাইছে অভয়াৰণ্যখনৰ অধিকাংশ ঠাই । বন্যপ্ৰাণী অভয়াৰণ্যখন প্ৰতিবছৰৰ দৰে এইবছৰো ভয়ংকৰ বানৰ কবলত পৰাৰ আশংকা প্ৰকাশ কৰিছে বন বিভাগে । যাৰ বাবে অভয়াৰণ্য খনত এতিয়া বন বিভাগে দিনে-নিশাই তৎপৰতা আৰম্ভ কৰিছে বনৰক্ষী তথা বন বিষয়া সকলে। সাম্ভাব্য বানৰ সময়ত হাতী, ম’হ, পহু, বাঘ,গাহৰি আদিকে ধৰি অভয়াৰণ্য খনৰ বন্য জীৱ-জন্তু সমূহক যাতে সুৰক্ষা প্ৰদান কৰিব পৰা যায় অথবা অভয়াৰণ্য খনৰ ভিতৰ ভাগত থকা ওখভেটি সমূহত যাতে বন্যপ্ৰাণী সমূহক নিৰাপদ আশ্ৰয় প্ৰদান কৰিব পৰা যায় তেনেধৰণৰ কৰ্তব্যত এতিয়া ব্যস্ত হৈ পৰিছে বনৰক্ষী সকল। ইফালে বানৰ সময়ত জনাঞ্চললৈ আশ্ৰয় বিচাৰি ধাপলি মেলা বন্যপ্ৰাণী সমূহক দেখা পালে অভয়াৰণ্য বন বিভাগক শীঘ্ৰেই অৱগত কৰাৰ লগতে জনাঞ্চলত প্ৰৱেশ কৰা বন্যপ্ৰাণী সমূহ কৰায়ত্ব কৰিলে বন বিভাগক লগে-লগেই খবৰ দিবৰ বাবে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য খনৰ নিকটৱৰ্তী গাঁও সমূহৰ ৰাইজক আহ্বান জনালে অভয়াৰণ্য খনৰ বন বিষয়াই।

জহিৰুল ইছলাম/ৰূপহীহাট

You might also like