নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোনিয়া গান্ধীয়ে কিয় প্রদান কৰা নাই আনুষ্ঠানিক বিবৃতি

এনআৰচি সন্দর্ভত জেডিইউৰ নেতা প্রশান্ত কিশোৰৰ প্রশ্ন

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ জনতা দল (ইউনাইটেড)ৰ উপ–সভাপতি প্রশান্ত কিশোৰে ৰাষ্ট্রীয় নাগৰিকপঞ্জী সন্দর্ভত কংগ্রেছৰ অন্তর্ৱর্তী সভাপতি ছোনিয়া গান্ধী নিমাত থকাক লৈ প্রশ্ণ উত্থাপন কৰিছে৷ এ এন আইৰ সৈতে এক সাক্ষাৎকাৰত প্রশান্ত কিশোৰে কয়– ‘যদি কংগ্রেছৰ সভাপতিগৰাকীয়ে এন আৰ চি সন্দর্ভত এটা বিবৃতি দিয়ে, তেতিয়া বিষয়টো সন্দর্ভত দলৰ স্থিতি স্পষ্ট হ’ব৷ ধর্ণা–প্রতিবাদ– সকলো আইনসন্মত আৰু গ্রহণযোগ্য, কিন্তু কংগ্রেছৰ সভাপতিগৰাকীয়ে কিয় দলৰ ফালৰ পৰা এতিয়াও বিবৃতি প্রদান কৰা নাই, সেয়া মই বুজিব পৰা নাই৷’ প্রশান্ত কিশোৰে বিশ্বাস কৰে যে কংগ্রেছৰ সভাপতি অথবা কংগ্রেছৰ কার্যকৰী কমিটীয়ে দেশৰ সকলো ৰাজ্যৰ কংগ্রেছ নেতৃত্বাধীন মুখ্যমন্ত্রীসকলক ক’ব লাগে যাতে তেওঁলোকে ৰাজ্যসমূহত এন আৰ চি ৰূপায়ণ কৰাটো নিবিচাৰে বুলি ঘোষণা কৰক৷ তেওঁ আৰু কয়, ‘কংগ্রেছৰ এজনকে ধৰি দেশৰ দহজনতকৈও অধিক মুখ্যমন্ত্রীয়ে মন্তব্য কৰিছে যে তেওঁলোকৰ ৰাজ্যসমূহত এন আৰ চি ৰূপায়ণ কৰিবলৈ নিদিয়ে৷ আন আঞ্চলিক দলসমূহৰ নেতা যেনে– নীতিশ কুমাৰ, নবীন বাবু, মমতা দিদি অথবা জগন মোহন ৰেড্ডী– তেওঁলোক মুখ্যমন্ত্রী হোৱাৰ উপৰি দলৰ মুৰব্বীও৷ কংগ্রেছৰ ক্ষেত্রত মুখ্যমন্ত্রীসকল চূড়ান্ত নীতি–নির্ধাৰণকাৰী ব্যক্তি নহয়৷ চি ডব্লিউ চি হ’ল সর্বোচ্চ নীতি–নির্ধাৰণকাৰী সমিতি৷’ এই প্রসংগৰে প্রশান্ত কিশোৰে ছোনিয়া গান্ধীৰ প্রসংগত প্রশ্ণ আনি কয় যে কিয় কংগ্রেছৰ সভানেত্রীগৰাকীয়ে কংগ্রেছশাসিত ৰাজ্যসমূহত ৰাষ্ট্রীয় নাগৰিকপঞ্জী ৰূপায়ণ নকৰোঁ বুলি দলৰ তৰফৰ পৰা কোনো বক্তব্য প্রদান কৰা নাই৷