নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটী হাস্পতাল (Rajiv Gandhi Super Speciality Hospital) ত তবলিগী জামাত সমাৱেশত অংশ লোৱা এগৰাকী সদস্যই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে । বুধবাৰে দুপৰীয়া ৰোগীজনে হাস্পতালখনৰ ৬ নং মহলাৰ পৰা জপিয়াবলৈ চেষ্টা কৰিছিল ।
হাস্পতাল কৰ্তপক্ষই জনোৱা মতে, মঙলবাৰে দিল্লী আৰক্ষীয়ে ৰোগীজনক নিজামুদ্দিন মাৰ্কাজৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাইছিল । কিন্তু আজি দুপৰীয়াৰ সময়ত লোকজন থকা কোঠাটোৰ খিড়িকীৰ পৰা জপিয়াবলৈ চেষ্টা কৰে । ইফালে এই ঘটনাৰ পাছত লোকজনক মনোৰোগ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা হয় ।
#WATCH A person related to Markaz Nizamuddin, admitted at Rajiv Gandhi Super Speciality Hospital, Delhi attempted to commit suicide today. He was saved by the hospital authorities. pic.twitter.com/qHSGIYaTJn
— ANI (@ANI) April 1, 2020
উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত আয়োজন কৰা ধৰ্মীয় সমাৱেশেই দেশলৈ ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি কৰিলে ।