নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাজমহলৰ ইতিহাস বিচাৰি জনোৱা আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ১৩ মেঃ মোগল সাম্রাজ্যৰ সময়ত নির্মিত তাজমহলৰ ইতিহাস বিচাৰি বিজেপিৰ যুৱ নেতা ৰাজনীশ সিঙে দাখিল কৰা আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ বিজেপি নেতাগৰাকীয়ে তাজমহলৰ বন্ধ ২২ কোঠা মুকলি কৰি সত্য উদ্ঘাটন কৰাৰ বাবে জনোৱা আবেদন আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে খাৰিজ কৰিছে৷ তাজমহলৰ বন্ধ কোঠাত হিন্দু দেৱতাৰ মূর্তি থকা বুলি দাবী কৰি তাজমহলৰ বন্ধ কোঠা খোলাৰ বাবে ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপক নির্দেশনা দিয়াৰ বাবে আবেদনখনত উল্লেখ কৰা হৈছিল৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ২২ বন্ধ দুৱাৰ খোলা নহ’ব বুলি স্পষ্টকৈ উল্লেখ কৰি আবেদনখন নাকচ কৰিছে৷ মন কৰিবলগীয়া যে মোগল সম্রাট ছাহজাহানে নির্মাণ কৰা তাজমহলে ১৯৮২ চনত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি পাইছে৷

You might also like