নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত পুনৰ হুংকাৰ দিবলৈ আহি আছে আন্না হাজাৰে…

নিয়মীয়া বাৰ্তা, ৮ জুন:  ২০১১ চনত ৰাজধানী দিল্লীত দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপক আন্দোলন আৰম্ভ কৰা সমাজ কৰ্মী আন্না হাজাৰে পুনৰবাৰ হুংকাৰ দিবলৈ প্ৰস্তুতি চলাইছে। তেওঁ নতুন সংগঠন ‘ৰাষ্ট্ৰীয় লোক আন্দোলন’ গঠন কৰিছে। ৮৪ বছৰীয়া আন্না হাজাৰে ১৯ জুনত জন্মদিনত এই সংগঠনটোৰ কথা ঘোষণা কৰিবলৈ ওলাইছে।

১৯ জুনত দিল্লীলৈ আহি আছে আন্না। তেওঁ তাত নতুন সংগঠনৰ কৰ্মীসকলৰ বাবে দিনজোৰা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই সংগঠনটোৱে দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিব।

লোকায়ুক্ত আইনত পলম হোৱাৰ সন্দৰ্ভত সতৰ্ক কৰি দি তেওঁ এই বিষয়ত সমগ্ৰ মহাৰাষ্ট্ৰত আন্দোলনৰ আহ্বান জনাইছে। আগষ্টৰ ভিতৰত মহাৰাষ্ট্ৰ চৰকাৰে যদি এই আইন প্ৰণয়ন নকৰে তেন্তে সমগ্ৰ ৰাজ্যতে আন্দোলন আৰম্ভ হ’ব বুলিও তেওঁ কয়।

You might also like