নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গম পাহাৰৰ মাজত ভাৰতীয় সেনাৰ দ্বাৰা পৰিচালিত এখন সুন্দৰ কেফে, আপোনাৰ নজৰতো আছে নেকি

বিশেষ বাৰ্তা, ১৫ জুনঃ সৰু সৰু কেফে আৰু ৰেষ্টুৰেণ্টৰ মালিকসকলৰ বাবে ইণ্টাৰনেট এটা ডাঙৰ আশীৰ্বাদ হৈ আহিছে। বিশ্বৰ মানুহে তেওঁলোকে নজনা খাদ্যৰ দোকানবোৰ চিনি পাইছে ছ’চিয়েল মিডিয়াৰ বাবেই। শেহতীয়াকৈ কাশ্মীৰৰ এখন ধুনীয়া কেফেৰ ভিডিঅ’ পোহৰলৈ আহিছে। এই কেফেখন ভাৰতীয় সেনাৰ দ্বাৰা পৰিচালিত। এই কেফেৰ ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে প্ৰখ্যাত উদ্যোগপতি আনন্দ মহিন্দ্ৰাই আৰু তেতিয়াৰ পৰাই ই ভাইৰেল হৈ পৰিছে। টুইটত আনন্দ মহিন্দ্ৰাই লিখিছে যে মোৰ দৃষ্টিত এই কেফেখন পঞ্চ তাৰকা নহয়, সপ্ত তাৰকাও নহয়, দশ তাৰকাযুক্ত গন্তব্যস্থানহে।

লগ হাট কেফে নামেৰে জনাজাত এই ঠাইখন পাহাৰৰ মাজত গুৰেজ উপত্যকাত অৱস্থিত। তেওঁলোকে গ্ৰাহকক বিভিন্ন ধৰণৰ জলপান আৰু পানীয় পৰিবেশন কৰাৰ লগতে বাহিৰৰ এক মনোৰম দৃশ্যও উপভোগ কৰিবলৈ সুযোগ দিয়ে। ভিডিঅ’ ক্লিপটো প্ৰথমে গৰিমা গোৱেল নামৰ এগৰাকী ব্লগাৰে শ্বেয়াৰ কৰিছিল। ইতিমধ্যে এই ভিডিঅ’টোৱে ৫২৫হাজাৰতকৈ অধিক ভিউ আৰু প্ৰায় ২০হাজাৰ লাইক লাভ কৰিছে। আপোনাৰ নজৰত পৰা এনে কোনো আকৰ্ষণীয় কেফে আছে নেকি? আনন্দ মহিন্দ্ৰাই শ্বেয়াৰ কৰা কেফেখনৰ বিষয়ে কি ভাবিছে? তলত কমেন্টত জনাওক।

You might also like