নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ কালি পঞ্জাবৰ অমৃতসৰৰ স্বর্ণমন্দিৰ অপৱিত্র কৰাৰ চেষ্টা চলোৱাৰ ঘটনাত চাঞ্চল্য বিয়পি পৰিছিল৷ এই ঘটনাক কেন্দ্র কৰি গণপ্রহাৰত প্রাণ হেৰুৱাবলগীয়া হৈছিল এজন লোকে৷ কিন্তু পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে এইবাৰ ৰাজ্যখনৰ কাপুৰথালাত সংঘটিত হ’ল অনুৰূপ ঘটনা৷ অভিযোগ অনুসৰি নিজামপুৰৰ গাঁৱৰ এক গুৰুদ্বাৰত ৰবিবাৰে নিচান চাহিবক অৱমাননা কৰা দেখিবলৈ পোৱা গৈছিল এজন ব্যক্তিক৷ ইয়াৰ পিছতে স্থানীয় জনতাৰ প্রহাৰত মৃত্যু হয় অভিযুক্তৰ৷ ইতিমধ্যে এই ঘটনাৰ ভিডি’ই ছ’চিয়েল মিডিয়াত জ্বৰ তুলিছে৷ ইয়াৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে স্বর্ণমন্দিৰ আৰু নিজামপুৰত উপস্থিত হৈ জনসাধাৰণক সংযত হ’বলৈ আহ্বান জনাইছে৷