নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুধাকণ্ঠৰ সমাধি ক্ষেত্রৰ দেৱালৰ দাঁতিত আৱর্জনা; দর্শনার্থীৰ দুর্ভোগ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ভাৰতৰত্ন, অসমবাসীৰ হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাৰ জালুকবাৰীত থকা সমাধিক্ষেত্রৰ সন্মুখত গঢ়ি উঠা যাত্রীবাহী বাহনৰ আস্থানে সমাধিক্ষেত্রৰ সৌন্দর্যৰ লগতে সমগ্র পৰিৱেশ বিনষ্ট কৰি পেলোৱা কার্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, সমাধিক্ষেত্রৰ সন্মুখত যাত্রীবাহী মেজিক, ধুবুৰী–গোৱালপাৰা অভিমুখী বাহনৰ এটি বৃহৎ আস্থান গঢ়ি উঠিছে৷ পথৰ ওপৰতে বিশৃংখলভাৱে যাত্রীবাহী বাহনবোৰ ৰখাই থোৱাৰ ফলত সমাধিক্ষেত্রৰ প্রৱেশ পথলৈ যাব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হয়৷

তদুপৰি দৈনিক সহস্রাধিক যাত্রী উঠা–নমা কৰে এই আস্থানটোত৷ সকলোতকৈ দৃষ্টিকটু দৃশ্যটো হ’ল যে ইয়াৰে অধিকাংশ যাত্রীয়ে সমাধিক্ষেত্রৰ পথৰ দাঁতিত থকা দেৱালতে প্রস্রাৱ কৰে৷ ইয়াৰ উপৰি উক্ত অংশতে গঢ়ি উঠা অস্থায়ী দোকানী আৰু গ্রাহকে বর্জিত আৱর্জনাসমূহ সমাধিৰ দেৱালৰ দাঁতিতে পেলাই পৰিৱেশ বিনষ্ট কৰি তুলিছে৷ পৰিবহণ বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, সমাধিক্ষেত্রৰ আশে–পাশে যাত্রীবাহী বাহনৰ কোনো আস্থান নাই৷ ইয়াৰ পিছতো জালুকবাৰী আৰক্ষীৰ সন্মুখতে সুধাকণ্ঠৰ সমাধিক্ষেত্রৰ পৰিৱেশ বিনষ্ট কৰি কাৰ আশীর্বাদত যাত্রীবাহী বাহনৰ আস্থান গঢ়ি উঠিছে সেয়াহে ৰহস্যজনক৷

You might also like