নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই সতীর্থক হত্যা কৰি ছাউনীৰ পৰা পলায়ন সেনা জোৱানৰ

নিয়মীয়া বাৰ্তা, ২৮ জুন: সতীর্থক গুলীয়াই হত্যা কৰি শিবিৰৰ পৰা পলায়ন কৰিছে এজন সেনা জোৱানে৷  এই চাঞ্চল্যকৰ ঘটনা ঘটিছে পঞ্জাবৰ পাঠানকোটস্থিত সেনা ছাউনীত৷ দুই সতীর্থক গুলীয়াই হত্যা কৰাৰ পিছতে অভিযুক্ত সেনা জোৱানজন সন্ধানহীন হৈ আছে৷ কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হৈছে, সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই৷ অভিযুক্ত জোৱানজনক বিচাৰি ইতিমধ্যে সেনা তথা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷

স্থানীয় আৰক্ষীয়ে সদৰী কৰা অনুসৰি, অভিযুক্ত জোৱানজনৰ নাম লোকেশ৷ পাঠানকোটৰ মির্থাল কেণ্টনমেণ্টত নিয়োজিত হৈ আছিল লোকেশ৷ কালি হঠাতে নিজৰ বন্দুকেৰে দুই সতীর্থৰ ওপৰত নির্বিচাৰভাৱে গুলীচালনা কৰে লোকেশে৷ ঘটনাস্থলীতে নিহত হয় দুজন হাবিলদাৰ৷ গুলীচালনা কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে লোকেশে৷ নিহত দুই হাবিলদাৰৰ নাম গৌৰীশংকৰ আৰু সূর্যকান্ত বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷

You might also like