নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবচালক ধনটি, শাক–পাচলিৰ ব্যৱসায়ী অৰূপঃ হত্যাকাণ্ডৰ পৰা মৃতদেহ পেলাই দিয়ালৈকে বন্দনাক সহযোগ কৰিছিল দুই অবৈধ প্রেমিকে

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী:  স্বামী–শাহুৰ অগাধ ধন–সম্পত্তিয়ে অন্ধ কৰি তোলা বন্দনা কলিতাই কিছুবছৰ পূর্বে ঘটনাক্রমে লগ পাইছিল ধনটি ডেকা আৰু অৰূপ ডেকাক৷ পেছাত টুৰিষ্ট কেব চলাই জীৱন নির্বাহ কৰা ধনটি ডেকাৰ সৈতে বিভিন্ন সময়ত বহু ঠাইলৈ অহা–যোৱা কৰিছিল বন্দনাই৷ প্রথমে বন্ধুত্ব তাৰ পাছত এই সম্পর্ক অবৈধ প্রেমত পৰিণত হয়৷ নাৰেংগীৰ ঘৰৰ পৰা য’লৈকে যাবলগীয়া নহওক কিয়, বন্দনাই ধনটিৰ সৈতে গৈছিল৷ ধনটিৰ জৰিয়তে এদিন সাক্ষাৎ হৈছিল খানাপাৰাত শাক–পাচলিৰ ব্যৱসায় কৰা অৰূপ ডেকাৰ সৈতে৷ ধনটিৰ দৰেই অৰূপৰ সৈতেও অবৈধ প্রেমৰ সম্পর্ক গঢ়ি তুলিছিল বন্দনাই৷

স্বামীৰ অনুপস্থিতিত প্রায়েই ধনটি আৰু অৰূপক নিজৰ ঘৰলৈ মাতি নৈশ যাপন কৰিছিল বন্দনাই৷ অমৰজ্যোতিৰ অমৰাৱতী এপার্টমেণ্টৰ ভাৰাঘৰত থকা কেইবাজনো ভাৰাতীয়াই এই কথা আজি সদৰী কৰিছে৷ ধনটি–ৰূপৰ বাদেও দিনে–নিশাই বহু লোকৰ সঘন আহ–যাহ আছিল অমৰজ্যোতিৰ এপার্টমেণ্টত৷ এই বিষয়ে ঘুণাক্ষৰেও অৱগত নাছিল অমৰজ্যোতি৷ সান্নিধ্যৰ লগতে ধনটি–ৰূপে প্রায়েই বন্দনাৰ পৰা সংগ্রহ কৰিছিল মোটা অংকৰ ধন৷ সেইবাবেই লোমহর্ষক হত্যাকাণ্ডটোৰ পৰা মৃতদেহ পেলাই দিয়ালৈকে বন্দনাক সংগ দিছিল দুই অবৈধ প্রেমিকে৷ শাহু শংকৰী দে’ক হত্যাৰ পাছত স্বামী অমৰজ্যোতি দে’ক হত্যা কৰাৰ দিনাও দুয়োজনে ছাঁৰ দৰে আছিল বন্দনাৰ সৈতে৷ খণ্ড–বিখণ্ড মৃতদেহৰ টোপোলাও মেঘালয়লৈ নিয়াৰ সময়ত বন্দনাক সংগ দিছিল দুয়ো প্রেমিকে৷

আৰক্ষী সূত্রই জানিব দিয়া মতে, হত্যাকাণ্ড দুটাৰ পাছতো সঘনে ধনটি আৰু অৰূপক সাক্ষাৎ কৰিছিল বন্দনাই৷ চানমাৰিৰ লগতে নাৰেংগীৰ ঘৰলৈও প্রায়েই দুয়োজনৰ সৈতে যোৱাকেইদিনত বন্দনাই আহিছিল৷ আজি নৃশংস কাণ্ডটোৰ কথা চৌদিশে প্রচাৰ হোৱাৰ পাছত ধনটি ডেকাৰ পৰিয়ালে নিজৰ পুত্র নির্দোষী বুলি দাবী কৰিছে৷ তেওঁলোকৰ মতে ধনটি বদমাছ ল’ৰা নহয়৷ চিধা–চাধা মানুহ৷ তেওঁক ষড়যন্ত্রমূলকভাৱে হত্যাকাণ্ডটোত বন্দনাই ফচাইছে৷ পৰিয়ালে ধনটিৰ নির্দোষিতাৰ গুণ গালেও আৰক্ষীৰ তদন্তত সকলো এতিয়া স্পষ্ট হৈ পৰিছে৷

You might also like