নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া–ইউক্রেইনৰ মাজত সংঘটিত হ’ব পাৰে ভয়াৱহ যুদ্ধ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ মতানৈক্যই যুদ্ধৰ আশংকা কঢ়িয়াই আনিছে৷ ৰাছিয়াই যুদ্ধ ঘোষণা কৰিলে প্রত্যাহ্বানৰ বাবে ইউক্রেইনেও সেনা সাজু কৰিব পাৰে৷ ইউক্রেইন সীমান্তত ৰাছিয়াই সেনা মোতায়েন কৰাৰ লগে লগে পৰিস্থিতি জটিল হৈ পৰিছে৷ ইয়াক কেন্দ্র কৰি পাশ্চাত্যৰ দেশসমূহ উদ্বিগ্ণ হৈ পৰিছে৷ উত্তেজনাৰ পৰিস্থিতিৰ অৱসান ঘটাবলৈ ইউক্রেইন আৰু ৰাছিয়াৰ ৰাষ্ট্রপতিৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে আমেৰিকাৰ শীর্ষ নেতা জ’ বাইডেন৷ ইতিমধ্যে বাইডেনে এই ইংগিত দিছে৷ ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কিয়ে উল্লেখ কৰিছে যে সীমান্তত সেনা মোতায়েন কৰা বিষয়টো সন্দর্ভত ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে শীঘ্রে স্থিতি স্পষ্ট কৰা উচিত৷ যদি ৰাছিয়াৰ সেনাই ইউক্রেইন সীমান্ত অতিক্রম কৰি দেশখনৰ অভ্যন্তৰত প্রৱেশ কৰে তেন্তে যুদ্ধ অৱধাৰিত বুলি ঘোষণা কৰিছে জেলেনস্কিয়ে৷ ইয়াৰ পিছতে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে পৰিস্থিতি যিকোনো মুহূর্ততে ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰি উভয় পক্ষকে সংযত হ’বলৈ আহ্বান জনাইছে৷

You might also like