নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ কাৰখানাত বয়লাৰ বিস্ফোৰণত নিহত ৬

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ বিহাৰৰ মুজাফফৰপুৰ জিলাত এক নুডল প্রস্তুত কাৰখানাত সংঘটিত বয়লাৰ বিস্ফোৰণত কমপক্ষেও ছজন শ্রমিক নিহত হোৱাৰ উপৰি আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ এই বিস্ফোৰণটো সংঘটিত হৈছে কালি নিশা ১০ বজাত৷ লক্ষণীয়ভাৱে বিস্ফোৰণটোৰ প্রচণ্ড শব্দ পাঁচ কিলোমিটাৰ নিলগৰ পৰা শুনিবলৈ পোৱা গৈছিল৷ এই বিস্ফোৰণৰ প্রভাৱত সমীপৱর্তী এটা ময়দাৰ মিল ধ্বংস হোৱাৰ উপৰি মিলটোত শুই থকা দুজন শ্রমিকো গুৰুতৰভাৱে আহত হয়৷ আজি পুৱা জিলা দণ্ডাধীশ প্রণৱ কুমাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি, তাৎক্ষণিকভাৱে পাঁচজন শ্রমিক ঘটনাস্থলীতে নিহত হয়৷ এজন শ্রমিকৰ মৃত্যু হয় হাস্পতালত৷ এই বিস্ফোৰণটোত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷

You might also like