নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটাৰ তালিকাৰ পৰা নাম কর্তন শশীকলাৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী জয়াললিতাৰ ঘনিষ্ঠ নেত্রী ভি কে শশীকলাৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন কৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ শশীকলাৰ অজ্ঞাতে ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম কর্তন কৰা হৈছে৷ এই ঘটনাক নেত্রীগৰাকীয়ে গুৰুতৰ অন্যায় বুলি মন্তব্য কৰিছে অধিবক্তাৰ জৰিয়তে৷ অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই ঘটনাৰ বাবে দোষী বিষয়াসকল গোচৰৰ সন্মুখীন হ’ব লাগিব৷

ইতিমধ্যে সকলো আইনী প্রক্রিয়া আৰম্ভ কৰা বুলিও শশীকলাৰ অধিবক্তা এন ৰাজা ছেন্থুৰ পাণ্ডিয়ানে সংবাদ মাধ্যমক জনাইছে৷ অৱশ্যে এগৰাকী নির্বাচনী বিষয়াই শশীকলাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট নহ’ল বুলি সংবাদ সংস্থা এন ডি টিভিক জনাইছে৷

You might also like