নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ দুটা কার্যকালৰ বাবে শাসনত থকাৰ পথ প্রশস্ত ৰাষ্ট্রপতি পুটিনৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ৰাছিয়াত ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে পুনৰ দুটা কার্যকাল ক্ষমতাত থকাৰ পথ প্রশস্ত কৰিছে৷ আজি পুটিনে এক আইনত স্বাক্ষৰ কৰি ৰাছিয়াত পুনৰ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰাৰ পথ সুগম কৰাৰ লগে লগে বিৰোধী দলসমূহে তীব্র সমালোচনা কৰিছে নেতাগৰাকীক৷ ‘টাছ নিউজ’ৰ প্রতিবেদন অনুসৰি সংবিধানৰ সংশোধনীৰ আধাৰত আইনখনৰ বিভিন্ন ধাৰা সলনি কৰা হৈছে৷ উল্লেখনীয় যে এই সংশোধনী অনুসৰি এগৰাকী ব্যক্তিৰ ৰাষ্ট্রপতিৰ কার্যকালৰ ক্ষেত্রত থকা সীমাবদ্ধতা প্রত্যাহাৰ কৰা হৈছে৷

উল্লেখনীয় যে নতুন আইন অনুসৰি ২৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তিয়ে ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰিব৷ ইয়াৰ উপৰি ৰাষ্ট্রপতি এগৰাকীৰ কার্যকালৰ ক্ষেত্রত সীমাবদ্ধতা নাথাকিব৷ অর্থাৎ পুটিনে কমপক্ষেও আগন্তুক দুটা কার্যকাল ৰাছিয়াক শাসন কৰাৰ সুযোগ লাভ কৰিব৷ দুটা কার্যকাল পর্যন্ত ৰাছিয়াৰ ৰাষ্ট্রপতিৰ দায়িত্বত থাকিবলৈ শাৰীৰিকভাৱে সক্ষম হৈ থাকিব পুটিন৷ ৰাছিয়াত এই নতুন আইনৰ জৰিয়তে পুটিনে একনায়কৰ দৰে দেশখনৰ ক্ষমতাত বর্তি থকাৰ সুযোগ গ্রহণ কৰা বুলি বিৰোধী পক্ষই অভিযোগ কৰিছে৷

You might also like