নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদৰ প্রতি অপমানজনক মন্তব্যঃ বিতর্কিত লেখিকা শিখা শর্মাক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ ছ’চিয়েল মিডিয়াত প্রায়ে বিভিন্ন বিষয়ত নিজস্ব মতামত আগবঢ়াই বিতর্কৰ আৱর্তত সোমাই পৰা বিতর্কিত লেখিকা শিখা শর্মাই এইবাৰ শ্বহীদক লৈ  চৰম অপমানসূচক মন্তব্য কৰি বিপদত পৰিছে৷ দেশমাতৃৰ হৈ জীৱন উচর্গা কৰা শ্বহীদক লৈ ফেচবুকত চূড়ান্ত অপমানসূচক মন্তব্য কৰাৰ অবিযোগত শিখা শর্মাক আজি দিছপুৰ থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উর্মি ডেকা বৰুৱা আৰু কংকণা গোস্বামী ভৰদ্বাজে শিখা শর্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত ১২৮১/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি দিছপুৰ আৰক্ষীয়ে আজি বিতর্কিত লেখিকাগৰাকীক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে ৩ এপ্রিলত ছত্তিশগড়ৰ বিজাপুৰ জিলাত মাওবাদীৰ আক্রামণত চি আৰ পি এফ আৰু এছ টি এফৰ ২২জন জোৱান নিহত হৈছিল৷ মাওবাদীৰ ভয়াৱহ আক্রমণত শ্বহীদ হোৱা বীৰ জোৱানৰ চিতাৰ জুই নুমুৱাওঁতেই শিখা শর্মাই ‘দৰমহা লৈ চাকৰি কৰা মানুহ কর্তব্যত মৰিলে শ্বহীদ নহয়৷ তেনেকৈ হ’লে বিদ্যুৎস্পৃষ্ট হৈ মৰা বিদ্যুৎ কর্মচাৰীও শ্বহীদ৷ গতিকে সংবাদ মাধ্যমে বিষয়টোক লৈ ৰাইজক আৱেগিক নকৰিব’ বুলি চূড়ান্ত অপমানজনক মন্তব্য ফেচবুকত পোষ্ট কৰে৷ ইয়াৰ পাছতে আন এটা পোষ্টত শিখা শর্মাই লিখে– ‘উচ্চ পর্যায়ৰ প্রশিক্ষণ থকাৰ পাছতো আমাৰ কমাণ্ডাসকল মৰিল কেনেকৈ? ইয়াৰ উচ্চ পর্যায়ৰ তদন্ত হওক৷ আৱেগত আমি ডুব নাযাওঁ৷’ ইয়াৰ পাছতে লেখিকাগৰাকীৰ উক্ত মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি বিভিন্নজনে ফেচবুকত সমালোচনাৰে থকা–সৰকা কৰে৷

উল্লেখ্য যে ছত্তিশগড়ত মাওবাদীৰ আক্রমণত অসমৰো দুজন জোৱান শ্বহীদ হৈছিল৷ ছ’চিয়েল মিডিয়াত এনে বিতর্কিত তথা চূড়ান্ত অপমানজনক মন্তব্য কৰাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অধিবক্তা উর্মি ডেকা বৰুৱা আৰু কংকণা গোস্বামী ভৰদ্বাজে দিছপুৰ থানাত শিখা শর্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ এই সন্দর্ভত অধিবক্তা উর্মি ডেকা বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়– লেখিকা শিখা শর্মাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য ফেচবুকত লিখে৷ তাক লৈ আমি মন্তব্য নকৰোঁ৷ কিন্তু ছত্তিশগড়ত মাওবাদীৰ আক্রমণত ২২জন জোৱান নিহত হোৱা ঘটনাক লৈ শিখা শর্মাই ‘দৰমহা লৈ চাকৰি কৰা মানুহ কর্তব্যত মৰিলে শ্বহীদ নহয়৷ তেনেকৈ হ’লে বিদ্যুৎস্পৃষ্ট হৈ মৰা বিদ্যুৎ কর্মচাৰীও শ্বহীদ৷ সংবাদ মাধ্যমে ৰাইজক আৱেগিক নকৰিব’ বুলি ফেচবুকত মন্তব্য কৰিছে৷ এয়া শ্বহীদসকলৰ বাবে চৰম অপমানসূচক মন্তব্য৷ লেখিকাগৰাকীয়ে বিষয়টোক লৈ সংবাদ মাধ্যমকো আৱেগিক নকৰিবলৈ কৈ গণতন্ত্রৰ চতুর্থ স্তম্ভকো অপমান কৰিছে৷ দেশৰ কাৰণে নিজৰ জীৱন দান দিয়া শ্বহীদক অপমান কৰা কাৰণে আমি দিছপুৰ থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দিছোঁ৷ ব্যক্তিগত জীৱনত তেওঁ যি কৰে আমাৰ ক’বলগীয়া একো নাই৷ কিন্তু শ্বহীদক অপমান কৰা মন্তব্য নকৰিবলৈ আমি তেওঁক সকীয়াই দিছোঁ৷

আনহাতে অধিবক্তা কংকণা গোস্বামী ভৰদ্বাজে কয়– মাওবাদীৰ অক্রমণত ২২জন জোৱান শ্বহীদ হোৱা বিষয়টোক লৈ শিখা শর্মাই অপমানজনক মন্তব্য কৰাটো দুর্ভাগ্যজনক৷ এয়া অতি দুখ আৰু পৰিতাপৰ বিষয়৷ যি সময়ত আমি শ্বহীদ পৰিয়ালৰ লগত থিয় দিব লাগে, তেনে এক সন্ধিক্ষণত শিখা শর্মাই নিকৃষ্টমানৰ মন্তব্য কৰিছে৷ যিসকল জোৱানে নিজৰ জীৱন–যৌৱন উচর্গা কৰি দেশৰ সুৰক্ষা দি আমাক ৰক্ষণাবেক্ষণ দিলে, তেনে শ্বহীদৰ ত্যাগক লৈ ৰাজনীতি কৰা অনুচিত৷ শ্বহীদৰ ত্যাগ ৰাজনীতিৰো ঊর্ধ্বত৷ লেখিকাগৰাকীয়ে বিষয়টোক লৈ সংবাদ মাধ্যমক আৱেগিক নকৰিবলৈ কৈছে৷ প্রশ্ণ হয় শ্বহীদৰ প্রতি আৱেগিক হোৱাৰো আমাৰ অধিকাৰ নাই নেকি? আমিতো তেওঁলোকক একোৱেই দিব নোৱাৰোঁ৷ তেন্তে এই অপমান কিয়? অধিবক্তা ভৰদ্বাজে পুনৰ কয়– এজন জোৱান শ্বহীদ হোৱা মানেই এগৰাকী মাতৃৰ বুকু শুদা হৈছে, এগৰাকী পত্নীৰ কপাল উকা হৈছে৷ কোনোৱা সন্তান পিতৃহাৰা হৈছে৷ গতিকে শ্বহীদৰ ত্যাগক শ্রদ্ধা বা প্রণাম জনোৱাৰো আমাৰ অধিকাৰ নাই নেকি? কেৱল ৰাজনীতিৰ বাবে এনে মন্তব্য দুর্ভাগ্যজনক৷ এনে বক্তব্যই সমাজত অস্থিৰ পৰিৱেশ সৃষ্টি কৰে৷ উক্ত মন্তব্য সমাজ আৰু মানৱতাৰ পৰিপন্থী৷ সেয়ে আমি শিখা শর্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছোঁ৷ উল্লেখ্য যে এই এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে বিতর্কিত লেখিকা শিখা শর্মাক গ্রেপ্তাৰ কৰাত বিভিন্নজনে আদৰণি জনাইছে৷

You might also like