নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ তাপদহনৰ দিল্লীক ঢাকি পেলালে ঘন কুঁৱলীয়ে

নিয়মীয়া বাৰ্তা, ৫ মে’: গ্রীষ্মৰ ভয়াৱহ তাপপ্রবাহৰ মাজতে আজি শীতত কঁপিল দেশৰ ৰাজধানী মহানগৰ দিল্লী৷ তাপমাত্রা ১৫.৮ ডিগ্রী চেলছিয়াছলৈ নামি আহিল দিল্লীত৷ যোৱা মাহত তাপপ্রবাহৰ কবলত পৰিছিল উত্তৰ আৰু পূব ভাৰতৰ ৰাজ্যসমূহ৷ এনে পৰিস্থিতিৰ মাজতেই হঠাতে ওলোটা ছবি দেখিবলৈ পোৱা গ’ল দেশৰ ৰাজধানীত৷ স্বাভাৱিক অৱস্থাতকৈ ৯ ডিগ্রী নামি আহিল তাপমাত্রা৷ যোৱা ২৪ ঘণ্টাত বৃষ্টিপাত হৈছে ২৯.৭ মিলিমিটাৰ৷ আগন্তুক কেইবাদিনো ধৰি একেই অৱস্থা অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ আজি দিল্লীত দেখিবলৈ পোৱা গ’ল ঘন কুঁৱলী৷ ঘন কুঁৱলীয়ে ঢ়াকি পেলালে সমগ্র ৰাজধানী চহৰখন৷ গৰম কাপোৰ পৰিধান কৰিহে ঘৰৰ বাহিৰলৈ ওলাবলগীয়া হ’ল দিল্লীৰ বাসিন্দা৷ ২০০৯ চনৰ পাছত দিল্লীত এইটোৱেই প্রথম শীতলতম মে’ মাহ হিচাপে চিহ্ণিত হৈছে৷

You might also like