নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিগর্ভ মণিপুৰঃ হিংসাত উত্তপ্ত মণিপুৰত সান্ধ্য আইন, ইণ্টাৰনেট সেৱা বাতিল, পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সেনাৰ ফ্লেগ মার্শ্ব

  • মুখ্যমন্ত্রী এন বীৰেন সিঙৰ সৈতে পৰিস্থিতিক লৈ পর্যালোচনা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ 
  • ৫টা আৰএএফৰ কোম্পানী বিমানেৰে মণিপুৰলৈ প্রেৰণ
  • খিলঞ্জীয়া মেইটেইক অনুসূচিত জনজাতিৰ শিতানত অন্তর্ভুক্ত কৰাৰ দাবীৰে এছটিডিচিএমৰ ভয়াৱহ আন্দোলনৰ ফলশ্রুতিত মণিপুৰ

নিয়মীয়া বাৰ্তা, ৫ মে’: অগ্নিগর্ভ মণিপুৰ৷ অজনজাতিক জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰাৰ প্রতিবাদৰ ফলশ্রুতিত হিংসাৰ দাবানল মণিপুৰত৷ জনজাতীয় লোকৰ প্রতিবাদৰ ফলশ্রুতিত হিংসাত উত্তপ্ত উত্তৰ–পূবৰ ৰাজ্য মণিপুৰত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে৷ পৰিস্থিতি অধিক জটিল হোৱাৰ বাবেই দেখা মাত্রকেই গুলীওৱাৰ নির্দেশ দিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যখনৰ ঠায়ে ঠায়ে দোকান–পোহাৰ, বাসগৃহ, প্রতিষ্ঠানত অগ্ণিসংযোগৰ ভয়াৱহ ঘটনাৰ সমান্তৰালকৈ আন আন হিংসাত্মক কার্যকলাপ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে সান্ধ্য আইন বলৱৎ কৰাৰ লগতে ইণ্টাৰনেট সেৱা বাতিল কৰিছে৷ ৰাজ্যখনৰ কেইবাখনো জিলাত জনজাতীয় সংগঠনে সমদল উলিওৱাৰ পৰিপ্রেক্ষিতত আইন–শৃংখলাজনিত পৰিস্থিতি বিঘ্ণিত হোৱাৰ বাবেই সান্ধ্য আইন জাৰি কৰা কেইবাটাও অঞ্চলত সেনাই ফ্লেগমার্শ্ব কৰিছে৷

ৰাজধানী ইম্ফলৰ কেইবাটাও অঞ্চলত হিংসাত্মক কার্যকলাপ সংঘটিত হোৱাৰ বাবে সেনাই ফ্লেগমার্শ্ব কৰিছে৷ পৰিস্থিতি অধিক জটিল হৈ পৰাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনৰ শান্তি–শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ কেন্দ্রীয় চৰকাৰে বিমানযোগে ৫টা ৰেপিড একচন ফ’চৰ কোম্পানী প্রেৰণ কৰিছে৷ কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ আৰএএফৰ ৫টা কোম্পানী কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনাত ৰাজধানী ইম্ফলত উপস্থিত হৈছে৷

সংঘর্ষজনিত পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত বিশেষজ্ঞ হিচাপে পৰিচিত আৰএএফৰ ৫০০ জোৱান ইতিমধ্যে ৰাজ্যখনৰ প্রান্তে প্রান্তে মোতায়েন কৰা হৈছে৷ ইপিনে মণিপুৰৰ উত্তপ্ত পৰিস্থিতিক লৈ মুখ্যমন্ত্রী এন বীৰেন সিঙৰ সৈতে টেলিফোনিক বার্তালাপ কৰি সমস্ত ঘটনাৰ বুজ লৈছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এই বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সিঙে গৃহমন্ত্রী শ্বাহক বর্তমান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৰ বর্ণনা দিয়ে৷

গৃহমন্ত্রী শ্বাহে ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রই পূর্ণ সহযোগ আগবঢ়াব বুলি মুখ্যমন্ত্রী সিঙক আশ্বাস দিয়ে৷ অগ্ণিগর্ভ মণিপুৰৰ অজনজাতীয় লোক অধ্যুষিত ইম্ফল পশ্চিম, কাকচিং, থৌবাল, জিৰিবাম আৰু বিষ্ণু জিলাৰ লগতে জনজাতি অধ্যুষিত চূড়াচন্দ্রচূড়, কাংপকপি আৰু থেংনৌপাল জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে সমগ্র মণিপুৰত ইণ্টাৰনেট সেৱা ৫ দিনৰ কাৰণে বন্ধ ৰখা হৈছে৷

উল্লেখ্য যে দ্য ছিডিউল ট্রাইব ডিমাণ্ড কমিটী, মণিপুৰ চমুকৈ এছটিডিচিএম–এ ৰাজ্যখনৰ খিলঞ্জীয়া মেইটেইক অনুসূচিত জনজাতিৰ শিতানত অন্তর্ভুক্ত কৰাৰ দাবী জনাই আহিছে৷ মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইক অনুসূচিত জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ সন্মতি প্রদান কৰাৰ পিছতেই ৰাজ্যখনত প্রতিবাদ তুংগত উঠে আৰু এই প্রতিবাদৰ সময়তে হিংসাত্মক কার্যকলাপ সংঘটিত হয়৷

তাৎপর্যপূর্ণ যে ৰাজ্যৰ জনসংখ্যাৰ ৫৩ শতাংশ মেইটেই সম্প্রদায়ৰ লোক৷ এই সম্প্রদায়ৰ লোকসকলে সম্প্রতি বৃহৎসংখ্যক অবৈধ ম্যানমাৰ আৰু বাংলদেশৰ পৰা অহা প্রব্রজনকাৰীৰ বাবে ভাবুকিৰ সন্মুখীন হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততেই নিজৰ অস্তিত্ব বর্তাই ৰখাৰ বাবে মেইটেইক অনুসূচিত জনজাতিৰ শিতানত অন্তর্ভুক্ত কৰাৰ দাবী চলি আহিছে৷ ইয়াৰ বিপৰীতে জনজাতীয় লোকসকলে বিৰোধিতা কৰি আহিছে৷

You might also like