নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মথুৰা–যোধ্যাৰ মন্দিৰ সংলগ্ন অঞ্চলত মদৰ দোকান বন্ধৰ নির্দেশ আদিত্যনাথৰ

নিয়মীয়া বাৰ্তা, ৩জুনঃ মন্দিৰৰ ওচৰত থাকিব নোৱাৰিব মদৰ দোকান৷ শেহতীয়াকৈ এই নির্দেশ দিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ অযোধ্যা আৰু মথুৰাৰ মন্দিৰ সংলগ্ণ অঞ্চলত জাৰি কৰা হৈছে এই নির্দেশ৷ সেই অঞ্চলত সমস্ত মদৰ দোকানৰ অনুজ্ঞা–পত্র বাতিল কৰিছে উত্তৰ প্রদেশ চৰকাৰে৷ তাৰ বিপৰীতে মথুৰাত গাখীৰৰ ব্যৱসায় বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী আদিত্যনাথে৷ অযোধ্যাৰ ৰাম মন্দিৰ সংলগ্ন অঞ্চলতো মদৰ দোকান বন্ধ হ’ব৷ নতুন এই নির্দেশ অনুসৰি দুয়োটা অঞ্চলৰ মন্দিৰ সংলগ্ন স্থানৰ ১০ কিলোমিটাৰ দূৰত্বলৈকে থাকিব নোৱাৰিব মদৰ দোকান৷

You might also like