নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএফআইক নিষিদ্ধকৰণৰ প্রস্তাৱ

আদিম যুগৰ পৰা উত্তৰ আদিম যুগলৈ মানৱ সভ্যতাই এটা দীঘলীয়া পথ অতিক্রম কৰি আহিছে৷ এই যাত্রাটোত বহু উত্থান–পতনৰ সাক্ষীও হৈছে মানৱ সভ্যতা৷ চকাৰ আৱিষ্কাৰৰ পৰা মহাকাশলৈ যাত্রাৰ অত্যাধুনিক বাহনৰ নির্মাণলৈকে সাঙোৰ খাই আছে সভ্যতাৰ অনিৰুদ্ধ যাত্রাটো৷ কিন্তু দুর্ভাগ্যৰ কথা হৈছে, কিছুমান মানুহ অথবা কিছুমান শক্তিৰ যাত্রাটো সেই আদিম যুগতে সীমাবদ্ধ হৈ আছে৷ ইয়াৰ অর্থ এইটো নহয় যে তেওঁলোকে খোৱাৰ পৰা পিন্ধা–উৰালৈকে সেই যুগত ব্যৱহাৰ হোৱা সামগ্রীকে আজিও ব্যৱহাৰ কৰে৷ পার্থক্যটো মূলতঃ চিন্তা আৰু দর্শনৰ৷ ইয়াৰ এটা জ্বলন্ত উদাহৰণ তথাকথিত ইছলামিক জেহাদ৷ জেহাদীসকলৰ কাম–কাজ পর্যালোচনা কৰিলে দেখা যায় তেওঁলোকে আজিৰ যুগতো এনে এখন পৃথিৱী বিচাৰে, যাক মানৱ সভ্যতাই কেতিয়াবাই এৰি থৈ আহিছে৷ তেওঁলোকৰ বাবে শিক্ষা, বিজ্ঞানৰ কোনো মূল্য নাই৷ শেহতীয়াকৈ ভাৰতবর্ষত এনেধৰণৰ চিন্তা–চর্চা কৰা মানুহ অথবা শক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ তাৰ মাজৰ এটা অপশক্তিৰ নাম হ’ল– পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া (পি এফ আই)৷ এই সংগঠনটোক নিষিদ্ধ কৰিবলৈ অসম চৰকাৰৰ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰক আবেদন জনাইছে৷ সংগঠনটোক নিষিদ্ধ কৰাৰ সপক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ জৰিয়তে যুক্তিও প্রদর্শন কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই দাবী কৰা অনুসৰি, পি এফ আই গৰুখুঁটিৰ উচ্ছেদ কাণ্ডৰ পৰা বটদ্রৱাত থানা জ্বলোৱালৈকে কেইবাটাও হিংসাত্মক কার্যত জড়িত৷ সংগঠনটোৱে ৰাজ্যখনৰ ইছলাম ধর্মাৱলম্বী লোকৰ মাজত সাম্প্রদায়িক বিষবাষ্প ছটিওৱাৰ কাম কৰি আছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে গৰুখুঁটি উচ্ছেদ কাণ্ডত সংঘটিত অপ্রীতিকৰ ঘটনাই কেৱল অসম বা ভাৰতেই নহয়, বিশ্বৰ বিভিন্ন ৰাষ্ট্রত প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল৷ অনেকে ইয়াৰ বাবে অসম চৰকাৰক জগৰীয়া কৰিব বিচাৰিছিল৷ কিন্তু উচ্ছেদৰ সময়ত আৰু তাৰে পূর্বে যিটো শক্তিয়ে এটা বিশেষ পৰিকল্পনাৰে কাম কৰিছিল, সেইটো হ’ল পি এফ আই৷ মুখ্যমন্ত্রী ড০ শর্মাই এই কথাকে বাৰে বাৰে অসমবাসীক জনাই আহিছে৷ বটদ্রৱা কাণ্ডতো সংগঠনটো জড়িত থকাৰ অভিযোগে এটা কথা স্পষ্ট কৰি দিছে যে অসমত পি এফ আইৰ কাম–কাজ সমাজ–ৰাষ্ট্রৰ পৰিপন্থী৷
কেৱল অসমতে নহয়, দেশৰ কেইবাখনো ৰাজ্যত পি এফ আই এটা বিতর্কিত সংগঠন৷ সংগঠনটোৰ জন্ম হৈছিল ২০০৬ চনত৷ জন্মতে ই নিজৰ পৰিচয় দাঙি ধৰিছিল এটা ইছলামিক মৌলবাদী সংগঠনৰ ৰূপত৷ সংগঠনটো আচলতে একেধৰণৰ কেইবাটাও সংগঠনৰ এখন মঞ্চ৷ ইয়াৰে আহ্বায়কসকলে বাবৰি মছজিদ ধ্বংসৰ সময়ত দাক্ষিণাত্যত গঠন হোৱা কেইবাটাও সংগঠনক একত্র কৰি পি এফ আইৰ জন্ম দিছিল৷ তাৰে মাজত আছে দ্য নেচনেল ডেভেলপমেণ্ট ফ্রণ্ট, দ্য কর্ণাটক ফ’ৰাম ফৰ ডিগ্নিটী, দ্য মনিথা নীথি পাৰাছাই৷ এই সংগঠনকেইটাৰ কামেই আছিল এখন বিশেষ ধর্মীয় সমাজৰ মাজত সাম্প্রদায়িক বিষবাষ্প বিয়পাই দিয়া, সমাজত বিভাজনৰ সৃষ্টি কৰা, দেশখনৰ সংখ্যাগৰিষ্ঠৰ ধর্মটোৰ বিৰুদ্ধে বিভিন্ন ধৰণে চক্রান্ত কৰা৷ এনে ধৰণৰ সমাজৰ বাবে ক্ষতিকাৰক চিন্তা–চর্চাৰে গঢ় লৈ উঠা কেইবাটাও সংগঠনক একত্র কৰি গঠন হোৱা পি এফ আইৰ কাম–কাজ কেনেধৰণৰ হ’ব পাৰে, সংগঠনটোৱে এইদৰে জন্মৰ সময়তে মানুহৰ মাজত ধাৰণা এটাৰ সৃষ্টি কৰিছিল৷ পি এফ আইৰ মূল এজেণ্ডাকেইটা হৈছে মুছলমানৰ অধিকাৰক লৈ সৰৱ হোৱা, অনা–মুছলমানৰ বিৰুদ্ধে হিংসাত উচটনি দিয়া, সম্প্রদায়টোৰ বাবে চাকৰিৰ সংৰক্ষণ কৰা আৰু ধর্মীয় ভিত্তিত পার্ছনেল লৰ যুক্তিযুক্ততা সাব্যস্ত কৰা৷ সংগঠনটোৱে এনে দৃষ্টিভংগীৰে দেশখনত কেইবাটাও হিংসাত্মক ঘটনাত লিপ্ত হোৱাৰ নজিৰ আছে৷ ২০১৩ চনত কেৰালা আৰক্ষীয়ে কন্নুৰৰ সমীপৱর্তী নৰথত এটা শিবিৰ লাভ কৰিছিল৷ নেচনেল ইনভেষ্টিগেচন (নিয়া)ৰ মতে শিবিৰটোত পি এফ আইৰ সদস্যক বোমা প্রস্তুত কৰা প্রশিক্ষণ দিয়া হয়৷ ২০১৬ চনত কন্নুৰৰ পৰা নিয়াই গ্রেপ্তাৰ কৰা পি এফ আই সদস্যৰ স্বীকাৰোক্তিত আল–জাৰুল–খলিফা নামে এটা জেহাদী সংগঠন গঠনৰ প্রস্তুতি সম্পর্কে তথ্য লাভ কৰিছিল৷ সংগঠনটো আই এছ আই এছৰ আর্হিত গঠন কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ শেহতীয়াকৈ ই ডিয়ে পি এফ আইৰ সৈতে জড়িত ২৩টা বেংক একাউণ্ট ছীল কৰিছে৷ একাউণ্টকেইটাত প্রায় ৬০ কোটি টকা সন্দেহজনকভাৱে জমা কৰা হৈছে৷ এনে ধৰণৰ কাম–কাজেৰে দেশখনক অশান্তিৰ সৃষ্টি কৰিব বিচৰা পি এফ আইক অসম চৰকাৰে নিষিদ্ধকৰণৰ দাবী কৰাৰ সপক্ষে নিশ্চিতভাৱে যুক্তি আছে৷

You might also like