নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রদেশৰ পঞ্চায়ত নির্বাচনত জয়ী পত্নীৰ পৰিৱর্তে স্বামীয়ে ল’লে শপত

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ নির্বাচনত জয়লাভ কৰি পঞ্চায়তৰ সভাপতি হৈছে পত্নী৷ কিন্তু পত্নীৰ পৰিৱর্তে শপত গ্রহণ কৰিলে স্বামীয়ে৷ মধ্যপ্রদেশৰ ডামো জিলাৰ গাইছাবাদ পঞ্চায়তৰ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ৰাজ্যখনত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অকল এজনেই নহয়, অনুৰূপ অভিযোগ উঠিছে তিনিগৰাকী ব্যক্তিৰ বিৰুদ্ধে৷ প্রশ্ণ উঠিছে কেনেদৰে বিজয়ী প্রার্থীৰ বিপৰীতে তেওঁলোকৰ স্বামীয়ে শপতগ্রহণ কৰিব পাৰে৷ শপতগ্রহণ কৰিবলৈ তেওঁলোকক কোনে অনুমতি দিলে তাক লৈও সৃষ্টি হৈছে হুলস্থূলীয়া পৰিস্থিতি৷ ঘটনা পোহৰলৈ অহাৰ লগে লগে জিলা প্রশাসনে তদন্তৰ নির্দেশ দিছে৷ স্থানীয় সূত্রই প্রকাশ কৰা অনুসৰি এইবাৰ পঞ্চায়ত নির্বাচনত গাইছাবাদৰ পৰা কেইবাগৰাকীও মহিলা প্রার্থী আছিল৷ তেওঁলোকৰ ভিতৰত তিনিগৰাকী মহিলাই নির্বাচনত জয়লাভ কৰিছে৷ এই তিনিগৰাকীৰ ভিতৰত এগৰাকীক পঞ্চায়তৰ মুৰব্বী হিচাপে নির্বাচিত কৰা হৈছে৷ পঞ্চায়তৰ তৰফৰ পৰা আয়োজন কৰা শপতগ্রহণ অনুষ্ঠানত তিনিওগৰাকী প্রার্থীৰ স্বামীয়ে শপত লোৱা পৰিলক্ষিত হয়৷

You might also like