নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্ৰদেশৰ বিষয়াৰ এটা গৰুৰ চিকিৎসা কৰিবলৈ লাগে ৭ জন পশু চিকিৎসক

বিশেষ বাৰ্তা, ১৩ জুনঃ উত্তৰ প্ৰদেশৰ ফাতেহপুৰত জিলা দণ্ডাধীশৰ গৰু এটাৰ চিকিৎসাৰ বাবে ৭ জনীয়া পশু চিকিৎসকৰ প্ৰতিনিধি দলক নিয়োগ কৰা হৈছিল। দেওবাৰে ছ’চিয়েল মিডিয়াত এই নিৰ্দেশৰ প্ৰতিলিপি এটাভাইৰেল হৈছে। ইপিনে, জিলা দণ্ডাধীশ অপূৰ্বা ডুবেই অৱশ্যে এই কথাক ষড়যন্ত্ৰ বুলি অভিহিত কৰি কয় যে তেওঁ এনে কোনো আদেশ জাৰি কৰা নাছিল। যোৱা ৯ জুনত এই নিৰ্দেশ জাৰি কৰিছিল যদিও এদিন পিছতে ভাৰপ্ৰাপ্ত মুখ্য পশু চিকিৎসা বিষয়াই বাতিল কৰে। চিভিঅ’ৰ নিৰ্দেশ স্বেচ্ছাচাৰীভাৱে জাৰি কৰা বুলি উল্লেখ কৰি ডি এম গৰাকীয়ে সেই নিৰ্দেশ বাতিল কৰে। এই আদেশত সপ্তাহৰ সাত দিনৰ প্ৰতিটো দিনৰ বাবে বেলেগ বেলেগ এজন পশু চিকিৎসকক পশুটোৰ যত্ন ল’বলৈ নিযুক্তি দিয়া হৈছিল।

You might also like