নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিকৰ আঙুঠি পিন্ধোৱা পৰ্বৰ আঙুঠি ভুলতে গিলিলে পোহনীয়া কুকুৰে..

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ এটা বিশেষ পোহনীয়া কুকুৰ । যাক লৈ এতিয়া বিশ্বজুৰি সৰ্বত্ৰে চৰ্চা । পিচে এই বিশেষ পোহনীয়া কুকুৰটোৱে কি কৰিলে জানিলে আচৰিত হ’ব আপুনি !

দক্ষিণ আফ্ৰিকাৰ পেপাৰ নামৰ এই কুকুৰটোৱে ভুলক্ৰমে তাৰ মালিকৰ বিয়াৰ আঙুঠি পিন্ধোৱা পৰ্বৰ আঙুঠিটোকে গিলে । যাৰ পাছতে কুকুৰটোৰ পেটৰ এক্স-ৰে ৰিপ’ৰ্ট চোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ।

অৱশ্যে পাছত তাক ভেলী ফাৰ্ম পশু চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বমি হোৱা টেবলেট খোৱাই আঙুঠিটো তাৰ পেটৰ পৰা বাহিৰ কৰোৱা হয় ।

ইপিনে ফেছবুকৰ জড়িয়তে হাস্পতালখনে এই দুষ্ট কুকুৰটোৰ ছবি, তাৰ পেটৰ এক্স-ৰে আৰু উদ্ধাৰ হোৱা আঙুঠিটো টোৰ কেইখন মান ফটো প্ৰচাৰ কৰিছে ।

You might also like