নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী মমতাৰ সংগ এৰিলে প্রাক্তন মন্ত্রী–বিধায়ক ৰাজীৱ বেনার্জীয়ে

নিয়মীয়া বাৰ্তা, ৩০  জানুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছত পদত্যাগৰ ধাৰা অব্যাহত আছে৷ ইতিমধ্যে কেইবাগৰাকী মন্ত্রী আৰু বিধায়কে মন্ত্রী পদ ত্যাগ কৰাৰ লগতে দল এৰি বিজেপিত যোগদান কৰাৰ পাছত আজি আন এগৰাকী প্রাক্তন মন্ত্রী তথা বিধায়ক ৰাজীৱ বেনার্জীয়ে তৃণমূল কংগ্রেছৰ বিধায়ক পদ ত্যাগ কৰে৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ কলকাতা ভ্রমণ কৰাৰ দিনাই ৰাজীৱ বেনার্জীয়ে বিধায়ক পদ ত্যাগ কৰাৰ পূর্বে যোৱা ২২ জানুৱাৰীত মন্ত্রিত্ব ত্যাগ কৰিছিল৷  ৰাজীৱ বেনার্জীয়ে বিধায়ক পদ ত্যাগ কৰি পত্র দাখিল কৰিছে বিধানসভাৰ অধ্যক্ষকক৷ উল্লেখ্য যে ৰাজীৱ বেনার্জী জ্যেষ্ঠ টি এম চি নেতা হিচাপে ডমজুৰ বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰি আহিছে৷

You might also like