নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই বিমানবন্দৰত এটা ঘড়ীৰ বাবদ ৬.৮৩ লাখ টকা জৰিমনা ভৰিলে শ্বাহৰুখে

নিয়মীয়াবাৰ্তা, ১৩ নৱেম্বৰ :  ডুবাইৰ পৰা ব্যক্তিগত বিমানেৰে মুম্বাইৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে শ’লথেকত পৰিল বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান৷ ১৮ লাখ টকীয়া ঘড়ী এটাৰ বাবে শুল্ক বিভাগে আটক কৰা ছুপাৰষ্টাৰ শ্বাহৰুখ খানে অৱশেষত ঘড়ীটোৰ বাবদ ৬ লাখ ৮৩ হাজৰ টকা জৰিমনা দি মুকলি হয়৷ অর্থাৎ শুল্ক বিভাগৰ পৰা মুক্ত হৈ নিজ গৃহলৈ উভতি যাবলৈ সক্ষম হয় শ্বাহৰুখ খান৷ উল্লেখ্য যে শ্বাৰজাহত গ্রন্থমেলা উদ্বোধন কৰিবলৈ গৈছিল শ্বাহৰুখ খান৷ তাৰ পৰা আজি ব্যক্তিগত বিমানেৰে মুম্বাইলৈ উভতি আহি এট ঘড়ীৰ বাবে শুল্ক বিভাগৰ হাতত আটক হ’বলগীয়াত পৰে৷ শুল্ক বিভাগৰ সৈতে কেইবাঘণ্টাজোৰা আলোচনা–বিলোচনাৰ অন্তত ঘড়ীটোৰ বাবদ শ্বাহৰুখ খানে ৬ লাখ ৮৩ হাজাৰ টকা জৰিমনা ভৰিবলগীয়া হয়৷ সংবাদ মাধ্যমত চর্চিত বাতৰি অনুসৰি, খানৰ উপৰি তেওঁৰ লগত থকা গৃহৰক্ষী আৰু আন সদস্যসকলকো আটক কৰি ৰাখিছিল শুল্ক বিভাগে৷ বৃহৎ পৰিমাণৰ ধন জৰিমনা দি মুম্বাই বিমানবন্দৰৰ পৰা গৃহমুখে বাহনত যাত্রা কৰাৰ সময়ত সাংবাদিকৰ আগত এনেধৰণৰ কোনো ঘটনা সংঘটিত হোৱা বুলি প্রকাশ কৰা নাই অভিনেতাগৰাকীয়ে৷ ঘড়ীৰ উপৰি অনেক বিদেশী সামগ্রী অভিনেতাগৰাকীৰ লগত আছিল যদিও সেই সামগ্রীৰ ওপৰত শুল্ক বিভাগে জৰিমনা বিহিছে নে নাই সেই সন্দর্ভত বিশেষ তথ্য প্রচাৰ হোৱা নাই৷

You might also like