নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই প্রতিদিনে ২–৩ কিলো গালি খাওঁঃ মোদী

নিয়মীয়াবাৰ্তা, ১৩ নৱেম্বৰ : তেলেংগানাত বিজেপি কর্মীসকলক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছকে ধৰি বিৰোধী দলক আক্রমণ কৰি লয়৷ প্রধানতঃ তেলেংগানাশাসিত টিআৰএছক আক্রমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রী মোদীয়ে বিজেপি কর্মীসকলক কয়– কিছুসংখ্যক লোকে হতাশা, ভয় আৰু অন্ধবিশ্বাসৰ কাৰণে মোক গালি পাৰে৷ জনতাই মোক সোধে, মই ভাগৰুৱা হওঁনে নহওঁ? ইয়াৰ উত্তৰত মই কওঁ যে প্রতিদিনে মই বেয়া শব্দৰ ২–৩ কিলোগ্রাম গালি খাওঁ আৰু এইবোৰক মই পুষ্টিকৰ হিচাপে ৰূপান্তৰিত কৰোঁ৷ যদি মোক আৰু বিজেপিক গালি পাৰিলে তেলেংগানাৰ পৰিস্থিতি আৰু জনতাৰ জীৱন উন্নত হয়, তেতিয়াহ’লে আমাক গালিয়েই পাৰি থাকক৷ কিন্তু মোৰ বিৰোধীয়ে যদি ভাবে তেলেংগানাবাসীক গালি পাৰিলে তেওঁলোকে সহ্য কৰিব, সেয়া নহ’ব৷ তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাওক আক্রমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রীগৰাকীয়্ এই সমালোচনা কৰে৷ উল্লেখ্য যে তেলেংগানাৰ মুখ্যমন্ত্রী কেচিআৰ সদায়ে প্রধানমন্ত্রীৰ বিৰুদ্ধে সৰৱ৷

You might also like