নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতালত চিকিৎসাধীন অসুস্থ শাৰদ পাৱাৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ: ৰাষ্ট্রীয়তাবাদী কংগ্রেছ পার্টী (এনচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰ গুৰুতৰভাৱে অসুস্থ হৈছে৷ ৰুগ্ন স্বাস্থ্যৰ বাবে আজি মুম্বাইৰ এখন হাস্পতালত ভর্তি কৰা হৈছে ৮১ বছৰীয়া ৰাজনীতিকগৰাকীক৷ প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বর্ষীয়ান ৰাজনীতিক শাৰদ পাৱাৰক আজি মুম্বাইৰ ব্রীচ কেণ্ডি হাস্পতালত ভর্তি কৰা হৈছে৷ আগন্তুক তিনি দিন ধৰি হাস্পতালখনত চিকিৎসাধীন হৈ থাকিব নেতাগৰাকী৷ আজি এন চি পিৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ ইফালে, দলৰ তৰফৰ পৰা নেতা তথা কর্মীসকলক হাস্পতালখনৰ বাহিৰত ভিৰ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে৷

উল্লেখনীয় যে নৱেম্বৰৰ ৪ তাৰিখৰ পৰা দলৰ বিভিন্ন কার্যসূচীত শাৰদ পাৱাৰে অংশগ্রহণ কৰিবলৈ সক্ষম হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷ স্মর্তব্য যে ২০২১ চনতো গলব্লাডাৰ ষ্টোনৰ বাবে হাস্পতালত ভর্তি কৰোৱা হৈছিল পাৱাৰক৷

You might also like