নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্ষণৰ গোচৰত ‘টু ফিংগাৰ টেষ্ট’ নিষিদ্ধ ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ:  ধর্ষণৰ গোচৰত ‘টু ফিংগাৰ টেষ্ট’ নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে৷ মহিলাৰ গুপ্তাংগত আঙুলি দি পৰীক্ষা কৰা হয় মহিলাগৰাকী ধর্ষিতা হৈছিল নে নাই তাক প্রমাণ কৰিবলৈ৷ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিছে যে এনে পৰীক্ষা অবৈজ্ঞানিক আৰু পুৰুষ তান্ত্রিক মানসিকতাৰ পৰিচয়৷ ভৱিষ্যতে ধর্ষণৰ ঘটনাত এনে পৰীক্ষা চলালে গোচৰ ৰুজু কৰাৰো নির্দেশ দিছে শীর্ষ আদালতখনে৷ উল্লেখনীয় যে ধর্ষণ তথা হত্যাৰ এক গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ডি ৱাই চন্দ্রচূড়ৰ বিচাৰপীঠে এই কঠোৰ নির্দেশ প্রদান কৰিছে৷

You might also like