নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ এপ্রিলৰ পৰা কার্যকৰী হ’ব বেংকৰ একত্রীকৰণ

বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ ১০টা ৰাজহুৱা খণ্ডৰ বেংকক চাৰিটা বেংকলৈ সংকুচিত কৰাৰ প্রক্রিয়া আনুষ্ঠানিকভাৱে কার্যকৰী হ’ব অহা ১ এপ্রিলৰ পৰা৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বুধবাৰে এক সংবাদ মেলত এই কথা ঘোষণা কৰে ৷ বেংকৰ একত্রীকৰণৰ প্রস্তাৱক কেন্দ্রীয় কেবিনেটে অনুমোদন জনোৱা বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে চৰকাৰে এই বেংকসমূহৰ সৈতে নিয়মীয়াকৈ সম্পর্ক বজাই ৰাখিছে ৷ মন কৰিবলগীয়া যে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে ২০১৯ৰ আগষ্টত ভাৰতৰ বেংকিং খণ্ডত সর্ববৃহৎ একত্রীকৰণ প্রক্রিয়াৰ ঘোষণা কৰিছিল৷ এই অনুসৰি ইউনাইটেড বেংক অৱ ইণ্ডিয়া আৰু অৰিয়েণ্টেল  বেংক অৱ কমার্চক পঞ্জাব নেচনেল বেংক, ছিণ্ডিকেট বেংকক কানাড়া বেংক, এলাহাবাদ বেংকক ইণ্ডিয়ান বেংক আৰু অন্ধ্র বেংক তথা কর্প’ৰেচন বেংকক ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে সংযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ ইয়াৰ পিছত চৰকাৰে ডেনা বেংক আৰু বিজয়া বেংকক বেংক অৱ বৰোদাৰ সৈতে সংযুক্ত কৰে৷ এই বৃহৎ একত্রীকৰণ প্রক্রিয়াৰ পূর্বে কেন্দ্রীয় চৰকাৰে এছবিআই আৰু ভাৰতীয় মহিলা বেংকৰ ৫টা সহযোগী বেংকক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সৈতে সংযুক্ত কৰে ৷

You might also like