নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ বর্ষত হত্যাৰ বলি ৪৫ সাংবাদিক

নিয়মীয়া বার্তা, ২ জানুৱাৰী: ২০২১ বর্ষত বিশ্বৰ ২০খন দেশত ৪৫গৰাকী সাংবাদিক তথা সংবাদকর্মী হত্যাৰ বলি হৈছে৷ বিশ্বৰ অন্যতম সাংবাদিকৰ সংগঠন ইণ্টাৰনেচনেল ফেডাৰেচন অৱ জার্নেলিষ্ট, চমুকৈ আইএফজেৰ বার্ষিক প্রতিবেদনত ২০২১ বর্ষত হত্যাৰ বলি হোৱা সাংবাদিকৰ তথ্য প্রকাশ পাইছে৷ ১৯৯১ চনৰ পৰা আইএফজেই বার্ষিকভাৱে হত্যাৰ বলি সাংবাদিকৰ তথ্য প্রকাশ কৰি আহিছে৷ ২০২১ বর্ষত ৪৫গৰাকী সাংবাদিক হত্যাৰ বলি হ’লেও ২০২০ চনৰ তুলনাত ইয়াৰ সংখ্যা কম৷ ২০২০ চনত ৬৫গৰাকী সাংবাদিক হত্যাৰ বলি হৈছিল৷ ২০২১ বর্ষত হত্যাৰ বলি হোৱা সাংবাদিকৰ ভিতৰত ২০ হৈছে এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ৷ আমেৰিকাৰ ১০গৰাকী, আফ্রিকাৰ ৮গৰাকী আৰু পাঁচগৰাকী ইউৰোপৰ৷ মধ্যপ্রাচ্য আৰু আৰব বিশ্বত মাত্র এগৰাকী সাংবাদিক হত্যাৰ বলি হৈছে৷ আফগানিস্তানত ৯গৰাকী আৰু মেক্সিকোত ৮গৰাকী সাংবাদিক হত্যাৰ বলি হৈছে৷ কর্মৰত অৱস্থাত এই সাংবাদিকসকল হত্যাৰ বলি হৈছে বুলি আইএফজেৰ সচিবপ্রধান এন্থনী বেলাংগাৰে প্রকাশ কৰিছে৷

You might also like