নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১০২ টকা হ্রাস

নিয়মীয়া বার্তা, ২ জানুৱাৰী: ইংৰাজী নৱবর্ষ ২০২২ৰ প্রথম দিনাই প্রতিটো বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা হ্রাস কৰিলে৷ যোৱা ১ ডিচেম্বৰত ১৯ কেজি এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা বৃদ্ধি কৰাৰ পিছত এমাহৰ মূৰত প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা হ্রাস কৰিলে৷ ৰাষ্ট্রীয় তেল বিতৰণ কোম্পানীসমূহে নতুন বর্ষৰ প্রথম দিনাই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্রাস কৰি গ্রাহকক সামান্য সকাহ দিলে৷

উল্লেখ্য যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সামান্য হ্রাস কৰাত ৰেষ্টুৰেণ্ট, হোটেল, চাহ দোকান আদিৰ ব্যৱসায়ীয়ে সামান্য সকাহ লাভ কৰিব৷ আজি মূল্য হ্রাস কৰাৰ পিছত ৰাজধানী দিল্লীত প্রতিটো চিলিণ্ডাৰৰ মূল্য ১,৯৯৮.৫০ টকা, মুম্বাইত ১,৯৪৮.৫০ টকা আৰু চেন্নাইত ২,১৩২ টকা হ’ব৷

You might also like