২৭ নৱেম্বৰত উৎক্ষেপন কাৰ্টছেট-৩ ছেটেলাইট
নিয়মীয়া বাৰ্তা ২১ নৱেম্বৰঃ ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰ ইছৰ’ই সেনাৰ সহায়ৰ বাবে ২৫ নৱেম্বৰ কাৰ্টছেট-৩ ছেটেলাইট উৎক্ষেপন কৰাৰ কথা ঘোষণা কৰিছিল। যদিও এতিয়া ইছৰ’ই ২৫ নৱেম্বৰৰ পৰিৰ্ৱতে ২৭ নৱেম্বৰত উৎক্ষেপন কৰিব। অহা ২৭ নৱেম্বৰৰ পুৱা ৯.২৮ বজাত ইছৰ’ই কাৰ্টছেট-৩ উৎক্ষেপন কৰিব।
উল্লেখ্য যে এই ছেটেলাইটো ইমানেই শক্তিশালী যে মহাকাশৰ পৰা ভূমি লৈকে আলোকচিত্ৰ লব পাৰে। ইয়াৰ উপৰিও বতৰ বিজ্ঞান সম্বন্ধীয় বিভিন্ন তথ্য দিব পাৰিব।