নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেটাৰ ভাৰত শাখাৰ ‘পাৰ্ছন অৱ দ্য ইয়েৰ’ সন্মান বিৰাট কোহলিলৈ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ক্ৰিকেটৰ যুঁজত অনবদ্য প্ৰদৰ্শনৰ বাবে নহয়, প্ৰাণীৰ অধিকাৰৰ হকে চলোৱা অভিযানত অংশ লোৱাৰ বাবে এক সন্মান লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে । সম্প্ৰতি বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলিলৈ আগবঢ়োৱা হৈছে পেটা (পিপল ফৰ দ্য ইথিকেল ট্টিটমেণ্ট অৱ এনিমেলছ) ৰ ভাৰত শাখাৰ ২০১৯ বৰ্ষটোৰ ব্যক্তিৰ সন্মান । বিশ্বজুৰি প্ৰাণীৰ অধিকাৰৰ হকে অহোপুৰুষাৰ্থ কৰা আন্তৰ্জাতিক সংস্থা ‘পেটা’ৰ ভাৰত শাখাৰ চেলিব্ৰিটী আৰু জনসম্পৰ্কৰ সঞ্চালক শচীন বাংগেৰাই বুধবাৰে প্ৰাণীৰ অধিকাৰ অভিযানত অংশ লৈ সৰৱ হৈ থকা ক্ৰিকেটাৰ বিৰাট কোহলিলৈ পেটাৰ ভাৰতৰ বৰ্ষটোৰ ব্যক্তি (পাৰ্ছন অৱ দ্য ইয়েৰ) সন্মান আগবঢ়োৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । সঞ্চালক বাংগেৰাই কয় যে বিৰাট কোহলি এগৰাকী প্ৰাণীৰ অধিকাৰৰ হকে যুঁজা সাহসী যোদ্ধা । প্ৰাণীৰ বিৰুদ্ধে হিংসা-নিষ্ঠুৰতা দেখিলেই তেওঁ পাৰ্যমানে প্ৰতিবাদ কৰিবলৈ কুণ্ঠাবোধ নকৰে । প্ৰাণীৰ অধিকাৰক লৈ তেওঁৰ সমৰ্থনৰ বাবে সন্মান প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে । উল্লেখ্য যে, প্ৰাণীৰ অধিকাৰৰ সমৰ্থনত সৰৱ বিৰাট কোহলিয়ে ৰাজস্থানৰ আমেৰ দুৰ্গত মালতী নামৰ হাতী এটাক আঠজন ব্যক্তিয়ে নিষ্ঠুৰতাৰে প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে পেটাৰ ভাৰত শাখাৰ হৈ বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ লিখি হাতীটোক মুক্ত কৰাত ভূমিকা লৈছিল । তদুপৰি পেটাৰ ভাৰত শাখাৰ প্ৰাণীক প্ৰহাৰ কৰাসকলৰ বিৰুদ্ধে ‘প্ৰিভেনচন অৱ ক্ৰুয়েলিটি এনিমেলছ এক্ট ১৯৬০’ আইনখন কঠোৰভাৱে বলৱতৰ অভিযানতো সমৰ্থন জনাই আহিছে কোহলিয়ে । উল্লেখ্য যে, বিৰাট কোহলিৰ পূৰ্বে এই সন্মান লাভ কৰিছিল ড০ শশী থাৰুৰ, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে এছ পানিকাৰকে ধৰি বলীউডৰ কেইবাগৰাকীঅভিনেত্ৰীয়ে । উনুকিয়াও যে পেটাৰ ভাৰত শাখাৰ উদ্দেশ্য হ’ল- প্ৰাণীবোৰ আমাৰ পৰীক্ষাৰ বাবে নহয়, তদুপৰি খোৱা, পিন্ধা অথবা বিনোদনৰ বাবেও নহয় । সংগঠনটোৱে প্ৰাণীক লৈ শ্ৰেণী বিভাজনৰো বিৰোধ কৰে, যিটো জীৱশ্ৰেষ্ঠ বুলি মানৱে জন্তুক হেয় কৰাৰ ধাৰণা এটাৰ বিশ্বজুৰি প্ৰচাৰ চলাই আহিছে ।

You might also like