নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাত ব্রাহ্মছ ছুপাৰছনিক ক্রুইজ মিছাইলৰ নতুন সংস্কৰণৰ সফল পৰীক্ষণ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ওড়িশাৰ উপকূলীয় বালাচৰত বৃহস্পতিবাৰে ব্রাহ্মছ ছুপাৰছনিক ক্রুইজ মিছাইলৰ নতুন সংস্কৰণ এটাৰ সফল পৰীক্ষণ কৰা হয়৷ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা মতে, নতুন বিকশিত প্রযুক্তিৰে নির্মিত অত্যাধুনিক ব্রাহ্মছ ছুপাৰছনিক ক্রুইজ মিছাইলৰ সফল পৰীক্ষণে দেশৰ থলুন প্রযুক্তিৰ সফলতা প্রমাণিত কৰিলে৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে যোৱা ১১ জানুৱাৰীত ভাৰতীয় নৌবাহিনীয়ে আই এন এছ বিশাখাপট্টম যুদ্ধ জাহাজৰ পৰা ব্রাহ্মছ ছুপাৰছনিক ক্রুইজ মিছাইলৰ সফল পৰীক্ষণ চলাইছিল৷

বৃহস্পতিবাৰেও আই এন এছ বিশাখাপট্টমৰ পৰাই সাগৰৰ পৰা সাগৰলৈ অত্যাধুনিক ব্রাহ্মছ মিছাইলটোৰ সফল পৰীক্ষণ কৰা হয়৷ মন কৰিবলগীয়া যে এই অত্যাধুনিক মিছাইলটো ভাৰত আৰু ৰাছিয়াৰ যুটীয়া প্রকল্পত নির্মাণ কৰা হৈছে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে অত্যাধুনিক নতুন মিছাইলটোৰ সফল পৰীক্ষণৰ বাবে ডি আৰ ডি অ’ৰ দলক অভিনন্দন জনাইছে৷ উনুকিয়াব লাগিব যে ভাৰতীয় নৌবাহিনীৰ যুদ্ধ জাহাজত মূল অস্ত্র হৈছে ব্রাহ্মছ ক্ষেপণাস্ত্র৷ এই ক্ষেপণাস্ত্র দেশৰ সেনা বাহিনীৰ সকলো পর্যায়তে মোতায়েন কৰা হয়৷ ডি আৰ ডি অ’ই পানীৰ তলত নিক্ষেপ কৰিব পৰা মিছাইলো বিকশিত কৰি আছে৷

You might also like