নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু ইছৰ’ৰ ‘Cartosat-3’

নিউজডেস্ক,১৯ নৱেম্বৰঃ আকৌ মহাকাশ অভিযানলৈ সাজু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো ৷ চলিত মাহৰ ২৫ তাৰিখে সংস্থাটোৱে মহাকাশলৈ প্ৰেৰণ কৰিব ১৪ টা কৃত্ৰিম উপগ্ৰহ ৷ PSLV-XLৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া উপগ্ৰহ সমূহৰ ভিতৰত অন্যতম হৈছে নক্সা অংকণকাৰী উপগ্ৰহ ‘Cartosat-3’ ৷  এই ‘Cartosat-3’ ৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন ১৩ টা বাণিজ্যিক ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহো মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে ৷


উল্লেখ্য যে Cartosat-3ৰ এখন ছবিৰ সৈতে ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে এই তথ্য ৷ ২৫ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান মহাকাশ চেন্টাৰৰ পৰা ভাৰতীয় সময় অনুসৰি, দিনৰ ৯.২৮ বজাত মহাকাশলৈ প্ৰেৰণ কৰা হ’ব Cartosat-3 ৷

You might also like