নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুলৰ ৪১ হাজাৰৰ টী–ছার্ট: মোদীৰ ছ্যুটৰ প্রসংগৰে কংগ্রেছৰ জবাব

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: কংগ্রেছৰ ‘ভাৰত জোড়ো যাত্রা’ৰ সমালোচনা কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে ৪১ হাজাৰ টকীয়া টী ছার্ট পৰিধান কৰা বুলি বিজেপিয়ে তীব্র কটাক্ষ কৰাৰ পিছতে গেৰুৱা শিবিৰৰ সৈতে কংগ্রেছৰ বাক্যুদ্ধ তীব্র হৈছে৷ ৰাহুলৰ টী ছার্ট পৰিধান কৰা ছবি পোষ্ট কৰি তাত বিজেপিয়ে লিখিছে– ‘ভাৰত দেখো যাত্রা’৷ ইয়াৰ দ্রুত জবাব দিছে কংগ্রেছেও৷ কংগ্রেছে মোদীৰ ১০ লাখ টকীয়া ছ্যুট আৰু ডেৰ লাখ টকীয়া চশমাৰ কথা উল্লেখ কৰি গেৰুৱা শিবিৰক ওলোটাই আক্রমণ কৰিছে৷ কংগ্রেছে টুইটাৰত কৈছে যে ভাৰত জোড়ো যাত্রাৰ ভিৰ দেখি শংকিত বিজেপিয়ে এতিয়া ৰাহুলৰ পোছাকত কালিমা সানিব বিচাৰিছে৷

You might also like