নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেব ছিৰিজ এক্সএক্সএক্স সন্দর্ভত প্রযোজক একতা কাপুৰক কঠোৰ ভাষাৰে ককর্থনা উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ ব্যক্তিগত টিভিৰ ধাৰাবাহিক নির্মাণৰ ৰাণীখ্যাত প্রযোজক একতা কাপুৰক কঠোৰ ভাষাৰে ককর্থনা কৰিছে উচ্চতম ন্যায়ালয়ে৷ একতা কাপুৰৰ প্রযোজিত ৱেব ছিৰিজ এক্সএক্সএক্সৰ আপত্তিজনক দৃশ্যক লৈ উচ্চতম ন্যায়ালয়ে কঠোৰ ভাষাৰে প্রযোজক কাপুৰক সমালোচনা কৰি কয় যে আপুনি নতুন প্রজন্মৰ মানসিকতা কিম্বা যুৱ মানসিকতা প্রদূষিত কৰি আছে৷ বিহাৰৰ বেগুচৰাইৰ নিম্ন আদালতে ৱেব ছিৰিজ এক্সএক্সএক্সত সন্নিৱিষ্ট আপত্তিজনক দৃশ্য সন্দর্ভত জাৰি কৰা গ্রেপ্তাৰী পৰোৱানাক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত একতা কাপুৰে দাখিল কৰা আবেদনৰ  শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে প্রযোজকগৰাকীক কঠোৰ ভাষাৰে ককর্থনা কৰে৷

সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজয় ৰস্তোগী আৰু চি টি ৰবি কুমাৰৰ বিচাৰপীঠে আবেদনৰ শুনানি গ্রহণ কৰি কয়– কিবা নিশ্চয় কৰা হৈছে৷ আপুনি দেশৰ যুৱ প্রজন্মৰ মানসিকতা প্রদূষিত কৰি আছে৷ এয়া সকলোৰে বাবে উপলব্ধ৷ অ’টিটি সকলোৰে বাবে উপলব্ধ৷ কি ধৰণৰ পছন্দ আপুনি জনতাক যোগান ধৰি আছে৷ তথ্য অনুপাতে আপুনি যুৱ মন প্রদূষিত কৰিছে৷ মন কৰিবলগীয়া যে প্রযোজক একতা কাপুৰৰ হৈ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰি অধিবক্তা মুকুল ৰোহতোগীয়ে গ্রাহক ভিত্তিৰ বিষয়টো দেশত পছন্দৰ স্বাধীনতা আছে বুলি কোৱাৰ পাছতে বিচাৰপীঠে অধিবক্তাগৰাকীক এই যুক্তি খণ্ডন কৰি কেনেধৰণৰ ব্যয়েৰে দেশৰ জনতাক এনে আশ্চর্যজনক ধৰণৰ বিষয় পছন্দৰ বাবে দিয়া হৈছে বুলি কয়৷ বিচাৰপীঠে কয়– প্রতিবাৰে আপুনি আদালতলৈ আহে, এই লৈ আমি আপোনাক প্রশংসা কৰিব নোৱাৰোঁ৷ এনে ধৰণৰ আবেদন দাখিল কৰাৰ বাবে আমি আপোনাক জৰিমনা বিহিম৷ কিয়নো আপুনি এয়া বহন কৰিব পাৰে আৰু ভাল অধিবক্তাক ধৰিব পাৰে৷ যাৰ কণ্ঠ আছে তাৰ বাবে আদালত নহয়, আদালতে যাৰ কণ্ঠ নাই তাৰ বাবেও কাম কৰে৷

উল্লেখ্য যে এ এল টি বালাজীয়ে অ’টিটি মঞ্চত পৰিৱেশন কৰা এক্সএক্সএক্সত সেনা আৰু সেনাৰ পৰিয়ালৰ মানসিকতাক আঘাত কৰাৰ অভিযোগ তুলি প্রাক্তন সেনা জোৱান শম্ভু কুমাৰে বিহাৰৰ বেগুচৰাই নিম্ন আদালতত গোচৰ ৰুজু কৰিছিল৷ ৱেব ছিৰিজটোত সেনাৰ পত্নীৰ সম্পর্কত অনেক আপত্তিজনক দৃশ্য সন্নিৱিষ্ট কৰাৰ বাবে শম্ভু কুমাৰে দাখিল কৰা গোচৰৰ ভিত্তিতে আদালতে প্রযোজক একতা কাপুৰলৈ গ্রেপ্তাৰী পৰোৱানা জাৰি কৰে৷ আদালতৰ এই গ্রেপ্তাৰী পৰোৱানাক প্রত্যাহ্বান জনাই একতা কাপুৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ শুনানি গ্রহণ কৰি আজি ন্যায়ালয়ে একতা কাপুৰক কঠোৰ ভাষাৰে ককর্থনা কৰে৷

You might also like