নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱালৈ সুখবৰ দি শিক্ষামন্ত্রীৰ বৃহৎ ঘোষণাঃ ৰাজ্যত পুনৰ দিয়া হ’ব শিক্ষক নিযুক্তি

খালী পদ পূৰণৰ বাবে অচিৰেই গ্রহণ কৰা হ’ব ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ ২৬ হাজাৰ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্রস্তুতি চলি থকাৰ সময়তে শিক্ষা বিভাগে অচিৰেই আন এক নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে৷ ৰাজ্যৰ নিবনুৱাৰ বাবে   এই সুখবৰ প্রদান কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ শিক্ষা বিভাগৰ এক কার্যসূচীত অংশগ্রহণৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত শিক্ষামন্ত্রী পেগুৰ মন্তব্য– ইতিমধ্যে শিক্ষা বিভাগৰ এটা নিযুক্তি প্রক্রিয়া সম্পূর্ণ হৈছে৷ অচিৰেই আন এটা শিক্ষক নিযুক্তি প্রক্রিয়া সম্পূর্ণ হ’ব৷ খালী পদসমূহ পূৰণৰ বাবে বিভাগে গ্রহণ কৰিব পদক্ষেপ৷

উল্লেখ্য যে শিক্ষা বিভাগে বিভিন্ন পদত শেহতীয়াকৈ প্রায় ৪,৭০০ প্রার্থীক নিযুক্তি প্রদান কৰিছে৷ অলপতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতত অনুষ্ঠিত নিযুক্তি প্রদান অনুষ্ঠানত বিভিন্ন বিভাগৰ লগতে শিক্ষা বিভাগৰ এই পদসমূহ পূৰণ কৰি নিযুক্তি প্রদান কৰা হৈছিল৷ এই নিযুক্তি প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছতে আন খালী পদসমূহ পূৰণৰ বাবে শিক্ষা বিভাগে যাৱতীয় ব্যৱস্থা আৰম্ভ কৰিছে৷ শিক্ষামন্ত্রীগৰাকীয়ে  এই সন্দর্ভত উল্লেখ কৰে যে শিক্ষকৰ খালী পদ পূৰণৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রতো বিভাগে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷ প্রথম পর্যায়ত যিসমূহ খালী পদ আছে, সেই পদসমূহ পূৰণৰ ক্ষেত্রত আৰম্ভ কৰা হৈছে প্রস্তুতি৷

You might also like