নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱাং হালমাৰী চাহ বাগিচাত হূদয়বিদাৰক ঘটনা; এম্বুলেঞ্চৰ অভাৱত মৃত্যু হ’ল দুটিকৈ নৱজাত শিশুৰ

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ ৰাজ্যৰ মুখ্যমন্ত্রীয়ে বাগিচা এলেকাৰ বাসিন্দাসকলৰ স্বাস্থ্যসেৱা উন্নত কৰাৰ লগতে প্রসূতিসকলৰ ক্ষেত্রত উন্নত সেৱা আগবঢ়াবলৈ কঠোৰ নির্দেশ দি আহিছে যদিও একাংশ বাগিচা কর্তৃপক্ষই এই নির্দেশক গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে৷   তেনে এক হূদয়বিদাৰক ঘটনা সংঘটিত হ’ল টিংখাং বিধানসভা সমষ্টিৰ খোৱাঙৰ সমীপৰ হালমাৰী চাহ বাগিচাত৷ বাগিচাখনত এম্বুলেঞ্চৰ অভাৱত দুটিকৈ নৱজাত শিশুৱে মৃত্যুক সাবটি ল’ব লগা হয়৷ যাৰ বাবে সম্প্রতি বাগিচাখনত তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ সময় মতে এম্বুলেঞ্চ আহি নোপোৱা বাবে বিনাচিকিৎসাই শিশু দুটিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে হালমাৰী চাহ বাগিচাৰ ৰাধা গ্রাণ্টৰ প্রকাশ পূজাৰীৰ পত্নী বিশ্বজ্যোতি পূজাৰীৰ আজি পুৱা প্রসৱ বেদনা আৰম্ভ হোৱাত পুৱা প্রায় ৭ বজাত এম্বুলেঞ্চৰ বাবে বাগিচা কর্তৃপক্ষক খবৰ দিয়ে৷ কিন্তু পুৱা ৮ বজালৈকে এম্বুলেঞ্চ গৈ নোপোৱাত মহিলাগৰাকীয়ে ঘৰতে এটি সন্তান প্রসৱ কৰে৷ পাছত পলমকৈ এম্বুলেঞ্চৰ সহায়ত বাগিচাৰ চিকিৎসালয়লৈ শিশুটিক নিয়া হয় যদিও শিশুটিৰ মৃত্যু হয়৷ অনুৰূপ ঘটনা সংঘটিত হয় বাগিচাখনৰ বজাৰ লাইনৰ জোন খৈয়াৰ পৰিয়ালত৷ পৰিয়ালটোৱে সময়মতে এম্বুলেঞ্চ নোপোৱাৰ বাবে চিকিৎসালয়লৈ আহিব নোৱাৰাত জোন খৈয়াৰ পত্নী ৰীণা খৈয়াই ঘৰতে এটি সন্তান প্রসৱ কৰে যদিও পাছত বাগিচাৰ চিকিৎসালয়ত কৰুণ মৃত্যুক আঁকোৱালি লয় নৱজাত দেৱশিশুটিয়ে৷ একে দিনাই এম্বুলেঞ্চৰ অভাৱত দুয়োটি শিশুৰ হালমাৰী চাহ বাগিচাৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পাছত বাগিচাখনৰ চিকিৎসক ডাঃ হিমাংশু আৰিয়াই খোৱাং খণ্ড প্রাথমিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্রেৰণ কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি হালমাৰী চাহ বাগিচা চিকিৎসালয়ত এজনেই চিকিৎসক আছে আৰু একেজন চিকিৎসকেই দুলীয়াবাম চাহ বাগিচা আৰু হালমাৰী চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখ্য যে পূর্বেও চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷

You might also like