নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ কিলোগ্রাম সোণ, ২৫ কোটি টকা জব্দ আয়কৰৰ

🔹 ৰাজস্থানৰ ব্যৱসায়ীৰ ঘৰত তালাচী

বিশেষ বাৰ্তা, ৫ মে’ : ৰাজস্থানৰ এজন অলংকাৰ ব্যৱসায়ীৰ বাসগৃহত পাঁচ দিন ধৰি অভিযান চলাই আছে আয়কৰ বিভাগে৷ এই অভিযানৰ সময়ত ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা ১০০ কিলোগ্রাম সোণৰ লগতে নগদ ২৫ কোটি টকা উদ্ধাৰ কৰে আয়কৰ বিভাগে৷ কেন্দ্রীয় সংস্থাটোৱে এতিয়ালৈকে ৰাজস্থানৰ ব্যৱসায়ীগৰাকীৰ নাম আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷ দুর্নীতিৰ লগতে বেআইনীভাৱে সোণ ক্রয় কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আয়কৰ বিভাগে ব্যৱসায়ীজনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ পাঁচ দিন ধৰি চলি থকা এই অভিযানত কালিলৈকে আয়কৰ বিভাগে ১০০ কিলোগ্রাম সোণ, ৬০০ কোটি অবৈধ টকাৰ নথি–পত্র, ৪০০ কোটি টকাৰ অবৈধ নথি উদ্ধাৰ কৰে৷ ক’লা ধনৰ সন্ধানত আয়কৰ বিভাগে বিদেশৰ সম্পত্তিৰ ওপৰতো অভিযান চলোৱাৰ সম্ভাৱনা আছে৷

You might also like