নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ত অধ্যক্ষ–শিক্ষয়িত্রীৰ দুর্বাদল কাজিয়া

🔹 বিদ্যালয়লৈ পলমকৈ অহাৰ বাবেই এই কাণ্ড

বিশেষ বাৰ্তা, ৫ মে’ : উত্তৰ প্রদেশৰ আগ্রাৰ এখন বিদ্যালয়ত অধ্যক্ষ আৰু শিক্ষয়িত্রীৰ দুর্বাদল কাজিয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষয়িত্রীৰ মাজত হোৱা মাৰপিটৰ ঘটনাৰ ভিডিঅ’টো সম্প্রতি চর্চাৰ বিষয় হৈ উঠিছে৷ যোৱা ৩ মে’ত আগ্রাৰ এখন প্রাথমিক বিদ্যালয়ত শিক্ষয়িত্রী এগৰাকীয়ে বিদ্যালয়লৈ কিয় পলমকৈ আহিলে, সেই সন্দর্ভত সোধা প্রশ্ণক লৈ যুক্তি–তর্কৰ অন্তত অধ্যক্ষ আৰু শিক্ষয়িত্রীৰ মাজত শাৰীৰিকভাৱে দুর্বাদল কাজিয়া লাগে৷ এই ভিডিঅ’ সামাজিক মাধ্যমত প্রচাৰ হোৱাৰ পিছত বিষয়টো বিভাগীয় কর্তৃপক্ষই গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ তথ্য মতে, গুঞ্জ চৌধুৰী নামৰ শিক্ষয়িত্রীগৰাকীয়ে বিদ্যালয়লৈ পলমকৈ অহা বাবে অধ্যক্ষগৰাকীয়ে কিয় পলমকৈ আহিছে, তাক লৈ প্রশ্ণ সোধাৰ পিছতে দুয়োগৰাকীৰ মাজত তর্কাতর্কি হয় আৰু পিছলৈ এই তর্কাতৰ্কি কাজিয়ালৈ ৰূপান্তৰিত হয়৷ ঘটনা সন্দর্ভত অধ্যক্ষ আৰু শিক্ষয়িত্রীয়ে থানাত অভিযোগ দাখিল কৰিছে যদিও এতিয়ালৈকে কোনো গোচৰ ৰুজু হোৱা নাই৷ অধ্যক্ষ আৰু শিক্ষয়িত্রীৰ মাজত মাৰপিট চলি থকাৰ সময়ত বিদ্যালয়ৰ আন শিক্ষকে দুয়োগৰাকীকে আঁতৰাই আনিবলৈ চেষ্টা চলাইছিল যদিও এই কার্য নিয়ন্ত্রণ কৰিবলৈ ব্যর্থ হয়৷ কাজিয়াৰ সময়ত দুয়োজনে অশালীন ভাষা ব্যৱহাৰ কৰাটোও ভিডিঅ’ত স্পষ্টকৈ ধৰা পৰিছে৷ শিক্ষয়িত্রীগৰাকীয়ে আনকি অধ্যক্ষৰ কাপোৰ–কানি ফালি পেলোৱাৰ লগতে চকীৰ পৰা টানি অনাত চকুত আঘাত পাইছে৷

You might also like