নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত চুৰি হোৱা দ্বাদশ শতিকাৰ মূর্তি আমেৰিকাত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ তামিলনাডু নন্দনপুৰেশ্বৰম শিৱান মন্দিৰৰ পৰা ১৯৭১ চনত চুৰি হোৱা দ্বাদশ শতিকাৰ হিন্দু দেৱী পার্বতীৰ মূর্তি এটা আমেৰিকাৰ নিলাম হাউছত উদ্ধাৰ হৈছে৷ পঞ্চাশ বছৰ পূর্বে তামিলাডুৰ পৰা চুৰি হোৱা দেৱী পার্বতীৰ মূর্তিটো নিউয়র্কৰ বনহামছ নিলাম হাউছত উদ্ধাৰ হৈছে৷ গ্রেট ব্রিটেইনৰ লণ্ডনত মুখ্য কার্যালয় থকা ব্যক্তিগত কোম্পানীৰ আন্তর্জাতিক নিলাম হাউছ বনহাম নিলাম হাউছত তামিলনাডুৰ পার্বতীৰ মূর্তিটো প্রত্যক্ষ কৰাৰ পিছতেই ৰাজ্যখনৰ আৰক্ষীয়ে মূর্তিটো ওভতাই আনিবলৈ কর্তৃপক্ষৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে৷ বিগত কিছু বছৰ ধৰি ভাৰতৰ ঐতিহাসিক মূর্তিকে ধৰি সামগ্রীসমূহ চুৰি হৈ বিদেশৰ নিলাম হাউছত বিক্রী হৈ থকাৰ তথ্যৰ আধাৰতে নিউয়র্কৰ বনহামছ নিলাম হাউছত সন্ধান চলোৱাত আৰক্ষীয়ে তামিলনাডুৰ চুৰি হোৱা পার্বতীৰ মূর্তিটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

You might also like