নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ নাই স্থাৱৰ সম্পত্তিঃ অস্থাৱৰ সম্পত্তি বাঢ়িল ২.২৩ কোটিলৈ

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নাই স্থাৱৰ সম্পত্তি৷ গান্ধীনগৰস্থিত ভূমি দান দিয়াৰ পিছত প্রধানমন্ত্রীৰ নাই কোনো ভূমি, নাই কোনো যান–বাহন৷ অৱশ্যে প্রধানমন্ত্রী মোদীৰ অস্থাৱৰ সম্পত্তি ২৬.১৩ লাখ টকাৰ পৰা ২.২৩ কোটি টকালৈ বৃদ্ধি পাইছে৷ প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি ২০২২ চনৰ ৩১ মার্চলৈকে প্রধানমন্ত্রী মোদীৰ অস্থাৱৰ সম্পত্তি ২,২৩,৮২,৫০৪ টকা৷ প্রধানমন্ত্রীৰ হাতত আছে নগদ ৩৫,২৫০ টকা আৰু পোষ্ট অফিচত এন এছ চিৰ মূল্য ৯,০৫,১০৫ আৰু জীৱন বীমা পলিচীৰ মূল্য ১,৮৯,৩০৫ টকা৷ তেওঁৰ কোনো বণ্ডত নাই বিনিয়োগ৷ চাৰিটা সোণৰ আঙুঠিৰ মূল্য ১.৭৩ লাখ টকা৷

You might also like